নতুন বছৰৰ প্ৰথমটো দিনত কইনাধৰাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল আয়োজন কৰি বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। তেওঁ কয় যে, ২০২১ বৰ্ষটো অসমৰ বাবে যথেষ্ট বেদনাৰ বৰ্ষ আছিল, কাৰণ ক’ভিডে আমাৰ মাজৰ পৰা বহু প্রতিভা আৰু আপোন মানুহক লৈ গ’ল। ভাল খবৰো আছিল বহু। বহুদিনৰ মূৰত উত্তৰ-পূবৰ পৰা অসমে এগৰাকী কেবিনেট মন্ত্রী পালে আৰু ই অসমৰ ৰাজনৈতিক ক্ষেত্রখনৰ কাৰণে এক গুৰুত্বপূৰ্ণ ঘটনা।
সেইদৰে লাভলীনা বৰগোঁহাইয়ে খেলৰ পথাৰত অসমক বহু উচ্ছ পৰ্যায়লৈ লৈ গ’ল। বিজ্ঞান আৰু সাহিত্যৰ দিশৰ পৰাও ২০২১ বৰ্ষটো অসমৰ বাবে গুৰুত্বপূৰ্ণ বছৰ।
‘অসম চুক্তিৰ ছয় নং দফাক লৈ চৰকাৰ বিশেষ আগবাঢ়িব পৰা নাই৷ কাৰণ ছয় জনগোষ্ঠীক জনজাতীয়কৰণ কৰাত বৰ্তমানৰ জনজাতীয় লোকে বাধা দিছে।
তদুপৰি, এতিয়াৰে পৰা অসম লোকসেৱা আয়োগৰ পৰীক্ষা অসমীয়াতে দিব পাৰিব।মেডিকেল, অভিযান্ত্ৰিক আদি সকলো প্ৰৱেশ পৰীক্ষা অসমীয়াত হ’ব বুলিও মুখ্যমন্ত্ৰীজনে উল্লেখ কৰে।
AFSPA চাৰিমাহৰ পিছত অসমত পুনৰ ৰিনিউ হ’ব সেই সময়ত অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰিব বুলি তেওঁ কয়। বসুন্ধৰাৰ জৰিয়তে ৮ লাখ আবেদন আহিছিল আৰু তাৰে প্ৰায় ১লাখ ৮০হাজাৰ সমস্যা নিষ্পত্তি কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত জনায়।