চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এক বিশেষ ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰী চাকৰিয়ালসকলক ২০২২চনৰ জানুৱাৰী ৬ আৰু ৭ তাৰিখে বিশেষ বন্ধ দিয়াৰ ঘোষণা কৰিছিল। পৰিয়ালৰ সৈতে যাতে চৰকাৰী কৰ্মচাৰীসকলে সময় কটাব পাৰে তাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰে মুখ্যমন্ত্ৰী শৰ্মাই।
উল্লেখ্য যে, নৱবৰ্ষৰ এই বিশেষ বন্ধ ৬ আৰু ৭ তাৰিখৰ লগতে তেওঁলোকে চৰকাৰী নিয়মীয়া বন্ধ ৮ আৰু ৯ তাৰিখেও কাৰ্যালয়লৈ আহিব নালাগে। কিয়নো ৮ জানুৱাৰী দ্বিতীয়টো শনিবাৰ অৰ্থাৎ ছেকেণ্ড ছেটাৰডে’ আৰু ৯ তাৰিখ দেওবাৰ। অৰ্থাৎ একেলগে ৪টা দিন পৰিয়ালৰ সৈতে অতিবাহিত কৰিবলৈ সময় পাব তেওঁলোকে।
ঘোষণা কৰা জাননীখনত উল্লেখ কৰা আছে যে- অসম চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে ৬ আৰু ৭ জানুৱাৰীত কেজুৱেল লীভ (বন্ধ) ল’ব পাৰিব। যাতে তেওঁলোকে পিতৃ-মাতৃ বা শহু-শাহুৰ সৈতে সময় অতিবাহিত কৰিব পাৰে। আন এক সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই কয় যে- বন্ধ দিন কেইটাত পিতৃ-মাতৃৰ সৈতে সময় অতিবাহিত কৰাৰ ফটো দিয়াটো বাধ্যতামূলক। তেওঁ লগতে কয় যে- স্বাস্থ্য কৰ্মী, আৰক্ষী বা আনবোৰ জৰুৰীকালীন সেৱাৰ কৰ্মচাৰীসকলে আগন্তুক চাৰি মাহত পৰ্যায়ক্ৰমে এই বন্ধ লাভ কৰিবলৈ সক্ষম হ’ব।
উল্লেখ্য যে, ২০২১ চনৰ আগষ্ট মাহত স্বাধীনতা দিৱসৰ দিনটোত ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলক বছৰত এবাৰ অতিৰিক্ত সাত দিনৰ ছুটী দিয়াৰ বাবে সিদ্ধান্ত লৈছিল। কিন্তু পিতৃ-মাতৃৰ সৈতে সময় অতিবাহিত কৰিব লাগিব বুলি এক চৰ্ত থাকিব। লগতে কৰ্মচাৰীসকলক তেওঁলোকৰ পিতৃ-মাতৃক বৃদ্ধাশ্ৰমলৈ নপঠিয়াও বুলি সংকল্প ল’বলৈ কয়।