ক’ভিড মহামাৰীত স্বামীহাৰা মহিলাসকলক আৰ্থিক সকাহ প্ৰদানৰ উদ্দেশ্যে মঙ্গলবাৰে মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা আঁচনিৰ পঞ্চম আৰু ষষ্ঠ পৰ্যায়ৰ চেক বিতৰণ কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। ২০ গৰাকী হিতাধিকাৰীক দুই লাখ পঞ্চাশ হাজাৰ টকাৰ চেক বিতৰণ কৰি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে, এই আঁচনিখনৰ জৰিয়তে ক’ভিডত মৃত্যু হোৱা ব্যক্তিৰ পৰিয়ালক আৰ্থিকভাৱে যথেষ্ট সকাহ দিব। মন্ত্ৰীগৰাকীয়ে লগতে স্বামীহাৰা মহিলাসকলক মানিসকভাৱে শক্তিশালী হবলৈ অনুৰোধ কৰি কয় যে পৰ্যায় ক্ৰমে আৰু পঞ্চাশ হাজাৰ টকা তেওঁলোকৰ বেংকত জমা হ’ব। অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা, অতিৰিক্ত উপায়ুক্ত মুনীন্দ্ৰ বৰদলৈ, পৰিবহন বিভাগৰ সহকৰী আয়ুক্ত গৌতম দাসৰ লগতে আন আন বিষয়া – বৰ্গ উপস্থিত থাকে।