সূৰ্য অস্ত যোৱাৰ পাছত কিছুমান কাম কেতিয়াও কৰিব নালাগে। জ্যোতিষ শাস্ত্ৰত ইয়াক অমংগলীয়া আৰু দৰিদ্ৰতাৰ এটা কাৰণ বুলি কোৱা হয়। যিবোৰ বহু মানুহেই নাজানি কৰে…
১. সূৰ্য অস্ত যোৱাৰ সময়খিনিত বিছনাত শুই বা বহি থাকিব নালাগে। ইয়াক ঘৰক মৃত্যুৰ শোক বুলি কোৱা হয়। সূৰ্য অস্ত যোৱা সময়ত ঘৰত কান্দিবও নালাগে। এইটোকো মৃত্যুৰ কাৰণ বুলি কোৱা হয়।সূৰ্য অস্ত যোৱা সময়ত ভুলতেও কেতিয়াও নিজৰ ঘৰৰ দৈ আনক দিব নালাগে। দৈক শুক্ৰ গ্ৰহৰ লগত সমন্ধীয় খাদ্য বুলি কোৱা হয়। শুক্ৰ গ্ৰহক ধন-বৈভৱৰ প্ৰদান কৰ্তা বুলি কোৱা হয়। সেই কাৰণে সূৰ্য অস্ত যোৱা সময়ত বা পাছত কেতিয়াও আনক দৈ দিব নালাগে। কাৰণ এনেকুৱা কৰিলে ঘৰৰ সুখ- সমৃদ্ধি কমি যায়। সেই কাৰণে গধূলি সময়ত আনক একো বস্তু দিব নালাগে। নহ’লেবা মা লক্ষ্মী ৰুস্ত হৈ পৰে।
২. সূৰ্য অস্ত যোৱা সময়খিনিত ভুলতেও খাব নালাগে। এনে কৰিলে স্বাস্থ্যৰ হানি হোৱাৰ লগতে জীৱনত ধনৰ অভাৱ হ’বলৈ ধৰে। সূৰ্য অস্ত যোৱা সময়ত যি সকলে শুই থাকে তেওঁলোকৰ ভাগ্য ও তেনেকে শুই পৰে। আনহাতে সূৰ্য অস্ত যোৱাৰ সময়ত ধাৰ লোৱা আৰু দিয়া দুয়োজনেই দুখত থাকে। সেই কাৰণে এনেকুৱা কেতিয়াও কৰিব নালাগে।
৩. সূৰ্য অস্ত যোৱাৰ পাছত যদি আপোনালোকে ঘৰ ঝাৰু দিয়ে বা মুচে তেন্তে আজিৰে পৰা এইবোৰ কৰিবলৈ বন্ধ কৰক। এইসমূহ কাম সূৰ্য অস্ত যোৱাৰ আগতেই কৰি লওঁক। বিশ্বাস কৰা হয় যে, এনেকুৱা কৰিলে ধন-বৈভৱৰ লোকচান হয়। সূৰ্যাস্তৰ পাছত এনে কাম কৰিলে মা লক্ষ্মী চিৰদিনৰ বাবে আপোনালোকৰ ঘৰৰ পৰা গুচি যায় আৰু আপোনালোকে নিজৰ ভাগ্যক লৈ কান্দি থাকিব লগা হয়।
৪. সূৰ্য অস্ত যোৱা পাছত তুলসীৰ পাত কেতিয়াও চুব নালাগে আৰু জল অৰ্পণ কৰিব নালাগে। শাস্ত্ৰ অনুসৰি সূৰ্য অস্ত যোৱাৰ পাছত ঘৰত পূজা-অৰ্চনা আৰু চাকি জ্বলাব লাগে। সূৰ্যাস্তৰ পাছত য’ত আন্ধাৰ হৈ থাকে তাত ভূত-প্ৰেত আদিয়ে বাস কৰে।
৫. সূৰ্যাস্তৰ পাছত চুলি বা নখ নাকাটিব। যদি আপোনালোকে এনে কৰে তেন্তে এতিয়াৰ পৰা সেয়া বন্ধ কৰক। ৰাতি নখ বা চুলি কাটিলে জীৱনত নকাৰাত্মক শক্তিৰ প্ৰভাৱ পৰে। ধনৰ অভাৱৰ লগতে অন্য সমস্যাৰো সন্মুখীন হ’ব লগা হয়।