ভাৰতীয় সংস্কৃতিত শুভ-অশুভ ধৰণৰ কথাবোৰক যথেষ্ট গুৰুত্ব দিয়া হয়। জ্যোতিষ শাস্ত্ৰইও প্ৰতিটো কথাৰ পাছত লুকাই থকা ৰহস্য বিস্তাৰ ৰূপত দিব পাৰে। আমাৰ আশে-পাশে ঘটি থকা ঘটনাবোৰৰ সম্বন্ধ আমাৰ নিকটৱৰ্তী ভবিষ্যতৰ লগতো জড়িত হৈ থাকে।
আমাৰ শৰীৰৰ গঠন, তিল আদিৰ পিছতো কিবা নহয় কিবা অৰ্থ লুকাই আছে। ঈশ্বৰে প্ৰতিজন মানুহক বেলেগ বেলেগ ধৰণে সৃষ্টি কৰিছে। ৰং-ৰূপ, স্বভাৱ, বিচাৰ বিবেচনা আদি সকলোৰে পৰা ভিন্ন হয়। শাস্ত্ৰত আমাৰ শৰীৰত নিহিত থকা এই চিহ্ন বোৰৰ তথা গঠন শৈলীৰ ওপৰত অধ্যয়ন কৰি মানুহৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ বিষয়ে কোৱা হয়। আমাৰ শৰীৰত থকা বিভিন্ন চিহ্নৰ দ্বাৰা আমি বহুত কথা জানিব পাৰো। তাৰেই কিছুমান চিহ্ন আমাৰ সৌভাগ্যৰ প্ৰতীক আৰু কিছুমান চিহ্নক দুৰ্ভাগ্যৰ প্ৰতীক বুলি বিবেচনা কৰা হয়।
আমাৰ শৰীৰত থকা সৌভাগ্যৰ প্ৰতীক চিহ্নবোৰ হৈছে-
১/ প্ৰথমে আমি আমাৰ শৰীৰৰ গঠন শৈলীৰ ভিত্তিত কব পাৰো, যিবোৰ লোকৰ মুখ গোলাকাৰ হয় তেওঁলোকক ভাগ্যশালী বুলি ধৰা হয়। তেওঁলোকে ভাল চাকৰি, জীৱনত সফলতা আৰু ভাল জীৱন সংগী পোৱাটো তেওঁলোকৰ ভাগ্যতেই লিখা থাকে।
২/ দীঘল নাক আৰু তাত তিল থকা ব্যক্তিকো ভাল বুলি কোৱা হয়। যিসকল লোকৰ কান সামান্য ডাঙৰ হয় তেওঁলোক অত্যন্ত ভাগ্যশালী হয়।
৩/ যিসকল মহিলাৰ শিৰ পোন হয় তেওঁলোকক ভাল বুলি জনা যায়।
৪/ মূৰত চুলি নথকা লোক,অৰ্থাৎ তপা লোকক সুন্দৰতাৰ দিশৰ পৰা চালে বেয়া দেখা যায়। কিন্তু জ্যোতিষ শাস্ত্ৰৰ মতে যিসকল লোকৰ মূৰত চুলি নাথাকে তেওঁলোক বেছি ভাগ্যশালীহে হয়।
৫/ আমাৰ শৰীৰত যিবোৰ অংশত জন্মৰ পৰাই তিল থাকে সেইবোৰৰ শৰীৰৰ স্থিতি অনুসাৰে বেলেগ বেলেগ অৰ্থ থাকে। দুয়োজুৰ চেলাউৰীৰ মাজত যদি তিল থাকে তাক শুভাগ্যৰ প্ৰতীক বুলি কোৱা হয়। ঠিক এনেদৰেই সোঁহাত, সোঁগাল আৰু সোঁচকুত থকা তিলো শুভ লক্ষণ বুলি কোৱা হয়।
৬/ যিসকল স্ত্ৰী আৰু পুৰুষৰ নাভি গভীৰ, তেওঁলোক বহুত ভাগ্যশালী হয়।
৭/ বগা, চাফা দাঁত আৰু দাঁতৰ মাজত কোনোধৰণৰ ফাঁক নথকা লোকক সকলোৱে পছন্দ আৰু দেখিবলৈও ভাল লাগে। কিন্তু শাস্ত্ৰ অনুসাৰে যিসকল ব্যক্তিৰ দাঁতৰ মাজত ফাঁক থাকে তেওঁলোক বেছি সৌভাগ্যশালী হয়। তেওঁলোক আর্থিকভাৱেও সবল হয় আৰু চাকৰি ক্ষেত্ৰও উচ্চ হয়।
৮/ হাত আৰু তাৰ তলুৱা যদি কোমল আৰু অলপ গুলপীয়া ৰঙৰ হয় আৰু হাতৰ ৰেখাবোৰ স্পষ্ট হয় তেন্তে সেইসকল ব্যক্তি ভাগ্যশালী হয়। হাতত ত্ৰিভুজৰ চিহ্ন থকাটোও ভাগ্যশালী হোৱাৰ প্ৰতীক। দীঘল আৰু পাতল আঙুলিও ভাগ্যৰ দৃষ্টিৰ পৰা ভাল বুলি মনা হয়। ভৰিৰ তলুৱাত সূৰ্য্য, চন্দ্ৰ , নক্ষত্ৰ, শংখ, চক্ৰ, কমল আদিৰ দৰে যদি চিহ্ন থাকে তেন্তে তেওঁলোক অত্যন্ত ভাগ্যশালী হয়।
৯/ শাস্ত্ৰ মতে আমাৰ চকুৰ দ্বাৰাও ব্যক্তিত্বৰ বিষয়ে জানিব পাৰি। ক’লা আৰু ডাঙৰ চকুৰ অধিকাৰী লোকসকল বুদ্ধিমান আৰু ধনবান হয়। সেইদৰেই যিসকল ব্যক্তিৰ চেলাউৰী ঘন আৰু জোৰা লগোৱা হয় তেওঁলোকো সুভাগ্যৰ গৰাকী হয়।