‘দ্যা কাশ্মীৰ ফাইলচ’ ছবিখনৰ মুক্তিৰ পাছতেই বিভিন্ন জনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এইবাৰ ছবিখনৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে বলিউড অভিনেতা আমিৰ খানে।
এই সন্দৰ্ভত আমিৰ খানে কয় যে, তেওঁ এতিয়ালকৈ The Kashmir Files ছবিখন চোৱা নাই কিন্তু অতি সোনকালেই চাব। তেওঁ কয় যে, এয়া আমাৰ ইতিহাসৰ এনে এক অংশ যিয়ে আমাক দুখ দিয়ে। কাশ্মীৰত পণ্ডিতসকলৰ লগত যি হৈছিল সেয়া অত্যন্ত দুখজনক। এনেকুৱা এটা বিষয় বস্তুৰ ওপৰত ছবিখন নিৰ্মাণ হৈছে যে, প্ৰতিগৰাকী ভাৰতীয়ই এই ছবিখন চাব লাগে আৰু মনত ৰাখিব লাগে যে, কাৰোবাৰ ওপৰত অত্যাচাৰ হলে তেওঁৰ ওপৰত কি প্ৰত্যাহ্বান আহি পৰে”।
খানে লগতে কয় যে যি সকল লোকে মানবীয়তাৰ ওপৰত বিশ্বাস ৰাখে তেনে প্ৰতিগৰাকী লোকৰ হৃদয় চুইছে এই ছবিখনে। মই এই ছবিখন নিশ্চয় চাম। মই সুখী যে ছবিখনে সফালতা লাভ কৰিছে।