শিৱসাগৰ জিলাৰ গড়মূৰ চাৰিআলিৰ জ্ঞানজ্যোতি চিনিয়ৰ চেকেন্ডেৰী স্কুলৰ উদ্যোগত ৮ তাৰিখে অনুষ্ঠিত হয় ভাওনা।
পুথিগত শিক্ষাৰ লগতে ছাত্র-ছাত্রী সকলক আধ্যাত্মিক শিক্ষা প্ৰদানৰ উদ্দেশ্যে এই সুকীয়া পথ আৰম্ভ কৰিছে জ্ঞানজ্যোতি চিনিয়ৰ চেকেন্ডেৰী স্কুলে। যাৰ মৰ্মে প্ৰতি শণিবাৰে আধ্যাত্মিক শিক্ষাৰ লগতে নীতি শিক্ষা, নাটক, ছবি, সাধাৰণ জ্ঞান আদিৰো পাঠদান কৰা হয় এই বিদ্যালয়ত।
কুৰুসন্ধ্যা নামৰ ভাওনাখনিৰ জৰিয়তে জ্ঞানজ্যোতি চিনিয়ৰ চেকেন্ডেৰী স্কুলে আৰম্ভ কৰিছে আধ্যাত্মিক শিক্ষাৰ যাত্রা। যোৱা ৮ মে’ তাৰিখে প্ৰথমখনি ভাওনা মাউৎ গাঁৱৰ ১০৯ বছৰীয়া নোমল বৰগোহাঁইৰ বাসগৃহত অনুষ্ঠিত হয়।
বিদ্যালয়ৰ সঞ্চালক প্ৰধান নিতু দত্তই এই বিষয়ে কয়, “সাম্প্রতিক সময়ত পুথিগত শিক্ষাৰ বাহিৰেও আমাৰ ছাত্র-ছাত্রী সকলক মানুহ হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ আধ্যাত্মিক শিক্ষাৰো প্ৰয়োজন আছে। আধুনিকতাৰ কৰাল গ্ৰাসৰ পৰা আঁতৰাই ছাত্র ছাত্রী সকলক পুথি গত শিক্ষাৰ বাহিৰেও আধ্যাত্মিক শিক্ষাৰেও নৈতিকতা গঢ়ি প্ৰকৃতাৰ্থত মানৱ সম্পদ গঢ়ি তুলিবলৈ আমি প্ৰয়াস কৰিছোঁ।”
উল্লেখ্য যে, সপ্তমৰ পৰা দশম শ্রেণীৰ ছাত্র-ছাত্রীসকলে এই ভাওনা পৰিবেশন কৰে।