মহানগৰীৰ ভবেন্দ্ৰ নাথ শইকীয়া (আৰোহণ)ত নিশিতা প্ৰডাক্চনৰ উদ্যোগত যোৱা ৩০ এপ্ৰিলত অনুষ্ঠিত নৰ্থ-ইষ্ট ষ্টাইল আইকন ২০২২ অতি জাকজমকতাৰে সম্পন্ন হয়৷ সঞ্চালক ৰুবী কলিতাই অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাত মুখ্য বিচাৰক হিচাপে উপস্থিত থাকে মুন দেউৰী আৰু সান্তনা বৰুৱা৷ পাঁচটা শাখাত অনুষ্ঠিত হোৱা নৰ্থ-ইষ্ট ষ্টাইল আইকন ২০২২ প্ৰতিযোগিতাখনত কিড্চ, টিন, মিচ আৰু মিচেছ, শাখাত অনুষ্ঠিত হয়৷ আনহাতে ‘কিড্চ’ৰ ছোৱালী শাখাত মেঘা কলিতাই উইনাৰৰ খিতাপটি অৰ্জন কৰিবলৈ সক্ষম হয়৷
ফাৰ্ষ্ট ৰানাৰ্চ আপ হিচাপে স্বস্তিকা দে আৰু চেকেণ্ড ৰানাৰ্চ আপ হিচাপে আৰোচি শৰ্মাই খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়৷ ল’ৰাৰ ‘কিড্চ’ৰ শাখাত কৃতাৰ্থ কান্ত বৰুৱাই উইনাৰৰ খিতাপটি আজুৰি আনিবলৈ সক্ষম হোৱাৰ লগতে ফাৰ্ষ্ট ৰানাৰ্চ আপ হিচাপে জিষ্ণু কাশ্যপ, চেকেণ্ড ৰানাৰ্চ আপৰ খিতাপটি জ্যোতিষ্মান কাশ্যপে দখল কৰিবলৈ সক্ষম হয়৷
‘টিন’ত উইনাৰ হিচাপে অন্তৰা তালুকদাৰ, ফাৰ্ষ্ট ৰানাৰ্চ আপ হিচাপে কস্তুৰী ডেকা আৰু চেকেণ্ড ৰানাৰ্চ আপ হিচাপে মধুস্মীতা বৰাই স্থান দখল কৰিবলৈ সক্ষম হয়৷
মিছৰ শাখাত শতাব্দী হাজং উইনাৰ হিচাপে, এম্বেছেদৰ হিচাপে তৃষ্ণা বড়োয়ে স্থান দখল কৰিবলৈ সক্ষম হয়৷ তদুপৰি মিচেছৰ শাখাত নন্দিতা সিংহা উইনাৰ হিচাপে, চেকেণ্ড ৰানাচ আপ হিচাপে অনিতা ৰাজ আৰু ব্ৰেণ্ড এম্বেছেদৰ হিচাপে মাইনু বৰুৱাই স্থান দখল কৰিবলৈ সক্ষম হয়৷ তদুপৰি মিষ্টাৰ কেটেগুৰিত সুনিল বাছফৰ ফাৰ্ষ্ট ৰানাৰ্চ আপ হিচাপে আৰু ৰোমিঅ চোৱেল চেকেণ্ড ৰানাৰ্চ আপ হিচাপে আৰু অসীম সুত্ৰধৰে উইনাৰৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়৷