আলফাৰ প্ৰাক্তন সভাপতি ডাঃ অভিজিৎ অসম ওৰফে ডাঃ মুকুল হাজৰিকাক ইংলেণ্ডৰ পৰা ভাৰতলৈ প্ৰত্যৰ্পণৰ যো-জা চলি থকাৰ সময়তে প্রত্যাৱৰ্তনৰ গোচৰ সন্দৰ্ভত আদালতত আজি হাজিৰ হয় ডাঃ মুকুল হাজৰিকা। লণ্ডনৰ আদালতত হাজিৰ হৈছে ডাঃ মুকুল হাজৰিকা। ভাৰত চৰকাৰে ডাঃ মুকুল হাজৰিকাক দেশলৈ আনিবলৈ লণ্ডনৰ আদালতত আবেদন জনাইছে। ভাৰতৰ দাবী যে, ডাঃ মুকুল হাজৰিকা আলফা স্বাধীনৰ সভাপতি আছিল আৰু তেওঁ আলফা স্বাধীনত যোগদান কৰিবলৈ যুৱক-যুৱতীসকলক আকৰ্ষণ কৰিবলৈ চেষ্টা চলাইছিল।
ম্যানমাৰত আলফাৰ শিবিৰত বক্তব্য ৰখাৰ অভিযোগো আছে ডাঃ অভিজিৎ অসম ওৰফে ডাঃ মুকুল হাজৰিকাৰ বিৰুদ্ধে। অৱশ্যে ভাৰত চৰকাৰৰ অভিযোগসমূহ নস্যাত্ কৰিছে মুকুল হাজৰিকাৰ অধিবক্তাই।