গুৱাহাটী বিমান বন্দৰৰ কাষত ৯০ বিঘা মাটিৰ এক চৌহদত আছে ৫ টাকৈ বৃহৎ বৃহৎ গোডাম ঘৰ। গোডাম কেইটাৰ পৰা পোৱা ভাড়াৰ ধন লাভ কৰে গুৱাহাটীৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে। বহু বিতৰ্কিত এইগৰাকী ব্যৱসায়ীৰ ঘৰত আয়কৰ বিভাগে চলোৱা তালাচীৰ সময়তে বৰঝাৰৰ এই সম্পত্তিৰ সূত্ৰ বিভাগটোৱে লাভ কৰিছিল। সেই সূত্ৰৰ আধাৰতে দুটা বছৰ তদন্ত চলোৱাৰ অন্তত ৰাণী মৌজাৰ অন্তৰ্গত কাঁহিকুচি পঞ্চায়ত এলেকাৰ দক্ষিণ গাঁৱত থকা গোডাম কেইটা থকা প্ৰায় ৯০ বিঘা মাটি বুধবাৰে আয়কৰ বিভাগে চীল কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
বিশেষ সূত্ৰৰ খবৰ মতে শৈলন দাস, বনমালী দাস আৰু গণেশ দাস নামৰ ৩ জন লোকৰ নামত এই মাটিখিনি থাকিলেও আয়কৰ বিভাগে এই বিষয়ে সোধা-পোচা কৰাত উক্ত লোক কেইজনে জানিবলৈ দিয়ে যে, সেই সম্পত্তি তেওঁলোকৰ নহয়। তেওঁলোকৰ নামত যদি কোনোবাই কিনিছে তেওঁলোকে সেই বিষয়ে নাজানে।
ইয়াৰ শৈলন দাস নামৰ লোকজন আকৌ হ’ল বন বিভাগৰ এক উচ্চপদস্থ বিষয়া। আশ্চৰ্যজনক কথাটো হ’ল এই তিনিগৰাকী ব্যক্তিৰ নামত থকা মাটিখিনিৰ গোডাম ঘৰ সমূহ যি কেইটা কোম্পানীক ভাড়া দি থোৱা আছে সেই ভাড়াৰ ধন আকৌ জমা হয় ইউনিভাৰ্চেল লজিষ্টিক পাৰ্ক নামৰ এটি ব্যৱসায়িক সংস্থাৰ একাউণ্টত। এই সংস্থাৰ আঁৰৰ মালিক বোলে প্ৰখ্যাত ব্যৱসায়ী ভাগ্য কলিতা !
ঘৰৰ মালিকানা সন্দৰ্ভত সোধাপোচাৰ বাবে আয়কৰ বিভাগে ৩ বাৰকৈ জাননী জাৰি কৰাৰ পিছতো তেওঁ উপস্থিত নোহোৱাত অৱশেষত আয়কৰ বিভাগৰ বেনামী সম্পত্তি প্ৰতিৰোধ শাখাৰ তৰফৰ পৰা বুধবাৰে প্ৰায় ডেৰশ কোটি টকা মূল্যৰ এই বৃহৎ সম্পত্তি চীল কৰি দিয়া বুলি জানিব পৰা গৈছে।