সুৰাপান আৰু গাড়ী চলোৱা হৈছে সমগ্ৰ বিশ্বৰ পথ দুৰ্ঘটনাৰ এটা মুখ্য কাৰণ। ইয়াৰ বাবে, প্ৰতি বছৰে হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুৱায়। এই অপৰাধৰ বাবে কঠোৰ শাস্তি থকা স্বত্বেও সুৰাপান আৰু গাড়ী চলোৱাৰ ঘটনা হ্ৰাস হোৱা নাই। কিন্তু বৰ্তমান আপোনাৰ গাড়ীয়ে নিজেই আপোনাক গাড়ী চলাবলৈ বাধা দিব!
আমেৰিকা যুক্তৰাষ্ট্ৰত এনে এটা প্ৰযুক্তিৰ ওপৰত কাম চলি আছে যিয়ে সুৰাৰ নিচাত থকা চালক এজনক চিনাক্ত কৰিব পাৰে।
পোনপটীয়াকৈ গাড়ীত এনে এটা প্ৰযুক্তি স্থাপন কৰা হ’ব যিয়ে সুৰা তথা সুৰাপায়ীক চিনাক্তকৰণৰ কাম কৰে। এই প্ৰণালীৰ জৰিয়তে, চালকৰ মুখখন নিৰন্তৰ নিৰীক্ষণ কৰা হয়। ড্ৰাইভাৰ চিনাক্তকৰণ প্ৰণালীয়ে চালকক সতৰ্ক কৰি ৰাখিবলৈ কাম কৰাৰ দৰে এই প্ৰণালীটোৱে একেধৰণে কাম কৰে। যদি চালক এজনে সুৰাৰ নিচাত গাড়ী চলাবলৈ বহে, তেনেহ’লে লগে লগে এলাৰ্ম বজাবলৈ আৰম্ভ কৰে। অৱশ্যে, এই প্ৰণালীটো এতিয়াও সম্পূৰ্ণৰূপে ব্য়ৱহাৰ কৰিব পৰা হোৱা নাই, ইয়াৰ ওপৰত নিৰন্তৰ গৱেষণা চলি আছে।