ৰাজ্যত পুনৰ মৃত্য হ’ল বন্যহস্তীৰ। এইবাৰ গুৱাহাটী মহানগৰীৰৰ সমীপৰ ৰাণী সংৰক্ষিত বনাঞ্চলৰ অধীনৰ বাকাৰাপাৰাত পথাৰত আজি পুৱা এটা বনৰীয়া হাতীক মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। প্ৰাপ্ত খবৰ মতে ৰাণী চাহ বাগিচাৰ সমীপৰ বাকাৰাপাৰাত পুৱা অঞ্চলটোৰ কোনো লোকে এটা হাতীক মৃত অৱস্থাত প্ৰত্যক্ষ কৰি ৮ মান বজাত কিছু নিলগত থকা ৰাণী আঞ্চলিক বন বিষয়া কাৰ্যালয়ত খবৰ দিয়াত ৰাণী আঞ্চলিক বন বিষয়া জয়ন্ত কুমাৰ গোস্বামীৰ নেতৃত্বত এটা বনকর্মীৰ দল ঘটনাস্থলীত উপস্থিত হয়। তাৰ পাছত পূৱ কামৰূপ বন সংমণ্ডলৰ ডি এফ অ ৰোহিণী বল্লভ শইকীয়া, ৰাণী ৰাজ্যিক পশু চিকিৎসালয়ৰ জ্যেষ্ঠ পশু চিকিৎসক ডাঃ নাৰায়ণ দেউৰী ঘটনাস্থলীত উপস্থিত হয়।
ডাঃ দেউৰীয়ে সদৰি কৰা অনুসৰি প্ৰায় ৩০ বছৰ বয়সৰ মতা হাতীটো পেটৰ অসুখত আক্ৰান্ত হৈ যোৱানিশা মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাছত হাতীটো এখন জে চি বিৰে দাঙি নি উদ্ধাৰ হোৱা স্থানৰ পৰা প্ৰায় ২০০ মিটাৰ মান নিলগত গাত খান্দি বিভাগীয় নিমানুসাৰে সমাধিস্থ কৰা হয়। আনহাতে মৃত্যু হোৱা কাৰণ সুনিশ্চিত কৰাৰ বাবে হাতীৰ মৃতদেহৰ কিছু অৱশিষ্ট অংশ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ গৱেষণাগাৰলৈ প্ৰেৰণ কৰা হব বুলি ডাঃ নাৰায়ণ দেউৰীয়ে জানিবলৈ দিছে।
উল্লেখযোগ্য যে, অসম- মেঘালয় সীমান্তৰ ৰাণী বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত প্ৰায়েই জনাঞ্চললৈ ওলাই আহে হাতীৰ জাক ইফালে হাতীটো উদ্ধাৰ হোৱাৰ পাছত স্থানীয় লোকে মৃত হাতীটোৰ ওচৰত ধুপ ধূনা ফুল আদিৰে শ্ৰদ্ধাঞ্জলি জনায়। উল্লেখ্য যে উক্ত বাকাৰাপাৰা অঞ্চলত ইয়াৰ পুৰ্বেও দুটাকৈ বন্যহস্তীয়ে কৰুণ মৃত্যুক আকোৱালি ল’ব লগা হোৱা ঘটনাই প্ৰকৃতিপ্ৰেমীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।