দীপাৱলীক লৈ দেশবাসী ব্যস্ত হৈ থকাৰ মাজতে আন এক উদ্বেগজনক খবৰ । দেশৰ কোনো কোনো স্থানত পুনৰ ক’ভিডৰ সংক্ৰমণ আৰম্ভ হৈছে ।
ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ক’ভিডৰ ৮৬২ টা নতুন ঘটনা পোহৰলৈ আহিছে । এতিয়ালৈকে দেশত সংক্ৰমিত হোৱা লোকৰ মুঠ সংখ্যা ৪,৪৬,৪৪,৯৩৮ লৈ বৃদ্ধি হৈছে । ক’ভিড সংক্ৰমণৰ ফলত দেশত মৃত্যু হৈছে ৫,২৮,৯৮০ গৰাকী লোকৰ ।
মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, সক্ৰিয় ৰোগীৰ সংখ্যা ২২,৫৪৯ লৈ হ্ৰাস পাইছে । আনহাতে যোৱা ২৪ ঘণ্টাত তিনিগৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে । মৃত ৰোগীৰ দুগৰাকীয়ে কেৰালাৰ বুলি জানিব পৰা গৈছে ।
দেশত যোৱা ১১ এপ্ৰিলত সৰ্বনিম্ন ৭৯৬ টা ক’ভিডৰ ঘটনা পোহৰলৈ আহিছিল । বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে মুঠ সংক্ৰমণৰ ০.০৫ শতাংশ, আনহাতে ৰাষ্ট্ৰীয় আৰোগ্য হাৰ হৈছে ৯৮.৭৬ শতাংশ । যোৱা ২৪ ঘণ্টাত, ৬৪৪ গৰাকী লোক আৰোগ্য হোৱা বুলি জানিব পৰা গৈছে ।
স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, দৈনিক আক্ৰান্তৰ হাৰ ১.৩৫ শতাংশ, আনহাতে সাপ্তাহিক আক্ৰান্তৰ হাৰ ১.০২ শতাংশ । ইফালে দেশত আৰোগ্য লোকৰ সংখ্যা ৪,৪০,৯৩,৪০৯ লৈ বৃদ্ধি হৈছে । স্বাস্থ্য মন্ত্ৰালয়ৰ মতে দেশত মৃত্যুৰ হাৰ ১.১৮ শতাংশ ।
স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, দেশজুৰি ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে দেশত ২১৯.৫৬ কোটি প্ৰতিষেধকৰ পালি প্ৰদান কৰা হৈছে । ভাৰতৰ ক’ভিড আক্ৰান্তৰ সংখ্যা ২০২০ চনৰ ৭ আগষ্টত আছিল ২০ লাখ, ২৩ আগষ্টত আছিল ৩০ লাখ । ২০২০ চনৰ ১৯ ডিচেম্বৰত দেশত সংক্ৰমিত লোকৰ সংখ্যা ১ কোটি অতিক্ৰম কৰিছিল । সংক্ৰমিত লোকৰ সংখ্যা যোৱা বছৰৰ ৪ মে’ত দুই কোটি আৰু ২৩ জুনত তিনি কোটি অতিক্ৰম কৰিছিল । চলিত বৰ্ষৰ ২৫ জানুৱাৰীত সংক্ৰমণৰ সংখ্যা ৪ কোটি অতিক্ৰম কৰিছিল ।