গুৱাহাটীৰ গড়চুকৰ কাষৰীয়া বৃহত্তৰ জাতি জনগোষ্ঠীৰ মিলনভূমি হিচাপে পৰিচিত মইনাখোৰোংস্থিত খেলপথাৰত থকা শ্ৰী শ্ৰীকৃষ্ণ গীতা মন্দিৰ প্ৰাংগণত বিগত বছৰৰ দৰে এইবেলিও অহা ৭ নৱেম্বৰৰ পৰা ১৩ নৱেম্বৰলৈ সাতদিনীয়া কাৰ্যসূচীৰে ২৩ সংখ্যক ৰাস মহোৎসৱ অনুষ্ঠিত হব। ইতিমধ্যে ১৬ অক্টোবৰত ৰাস উদযাপন হবলগীয়া স্থানত মাংগলিক কাৰ্যৰ মাজেৰে আগন্তক ৰাস মহোৎসৱৰ লাইখুটা স্থাপন কৰা হয়।
আনহাতে ৭ নৱেম্বৰত পুৱা ১০ বজাত ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি এক বাৰে ৰহনীয়া শোভাযাত্ৰা উলিওৱা হব। তাৰ পাছত ১১ বজাত ৰাস মহোৎসৱৰ দুৱাৰ মুকলি কৰিব বিশিষ্ট সমাজসেৱক উৎপল কুমাৰ দাসে। বিয়লি ৪ বজাত ৰাস মণ্ডপ মুকলিৰে মহোৎসৱৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব সমাজকর্মী বলেশ্বৰ ৰংপীয়ে। তেনেদৰে ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি ১৩ নৱেম্বৰলৈ দৈনিক বিয়লিৰ পৰা গীতা পাঠ , মহিলাৰ নাম – প্ৰসংগ, সন্ধিয়াৰ পৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব। আনহাতে ২৩ সংখ্যক পামহী আঞ্চলিক ৰাস মহোৎসৱৰ কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সমাজকর্মী দীপক চন্দ্ৰ বড়োক ( কুলি ) সভাপতি, ধীৰাজ টুমুঙক কাৰ্যকৰী সভাপতি, বলেশ্বৰ ৰংপী আৰু বিষ্ণু বড়োক উপ সভাপতি, জয়ন্ত টুমুং আৰু পুনাল বড়োক সাধাৰণ সম্পাদক, অনিল ফাংছ , দীপক টেৰাং, ৰানাজ্যোতি বড়ো আৰু নিপু বড়োক সহকাৰী সম্পাদক হিচাপে লৈ এখন কাৰ্যকৰী কমিটি গঠন কৰা হৈছে।