হাৰিয়ানাৰ আম্বালাৰ খাৰ্গা ক্ৰীড়া ষ্টেডিয়ামত মঙলবাৰৰ পৰা অগ্নিবীৰ মহিলা নিযুক্তি ৰেলী ২০২২ আয়োজন কৰা হৈছে। হাৰিয়ানা, হিমাচল প্ৰদেশ আৰু দিল্লী আৰু চণ্ডিগড় কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা বৃহৎ সংখ্যক মহিলা প্ৰাৰ্থীয়ে এই নিযুক্তিৰ বাবে অংশগ্ৰহণ কৰিবলৈ আহিছে।
এই সেনা অগ্নিবীৰ নিযুক্তি ৰেলী ৭ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু ৯ নৱেম্বৰত অন্ত পৰিব। মহিলাসকলে শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব। এতিয়ালৈকে ২০ লাখতকৈও অধিক যুৱকে অগ্নিবীৰ হ’বলৈ ভাৰতীয় সেনাত আবেদন কৰিছে। ভাৰতীয় সেনাত অগ্নিবীৰৰ প্ৰথম দলটোৰ বাবে মুঠ ৪০,০০০টা পদ খালী আছে।