চীনৰ ভয়ংকৰ আগ্ৰাসনৰ বলি হৈ আহিছে ভাৰত আৰু ভূটান। ৩ বছৰতেই অৰুণাচলৰ ৬ কি:মি: ভিতৰলৈ সোমাই ইতিমধ্যেই বহু গাওঁ নিৰ্মাণ চীনৰ। আনহাতে, ভূটানতো ২৫ হেজাৰ একৰ ভূমি চীনৰ দখলত। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সংবাদ মেল আৰু সদনত সততেই চীনৰ আগ্ৰাসনক প্ৰশ্ৰয় দিয়া নহ’ব বুলি দি অহা হুংকাৰৰ বিৰুদ্ধে চীনে প্ৰকৃততে চলোৱা আগ্ৰাসনৰ ক্ষেত্ৰত আকৌ বহু ক্ষেত্ৰত নিমাত চৰকাৰ।
উল্লেখ্য যে, ৯ ডিছেম্বৰত ভাৰতীয় সেনাৰ ওপৰত জপিয়াই পৰিছিল ৬ শতাধিক চীনা সৈন্য। বৈদ্যুতিক লাঠি আৰু লোহাৰ কাইট যুক্ত লাঠিৰে কৰা আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছিল ৪ জনকৈ ভাৰতীয় সেনাই। পৰৱৰ্তী সময়ত চীনা সৈন্যৰ এই দলবদ্ধ আক্ৰমণক মুষ্টিমেয় ভাৰতীয় সেনায়েই বাধা দিয়ে যদিও ইতিমধ্যেই আঘাতপ্ৰাপ্ত হৈছিল সেনা ৪ গৰাকী।
ভাৰতীয় সেনাৰ ওপৰত চীন অথবা পাকিস্তানৰ এনে আক্ৰমণ পূৰ্বেও ঘটি আহিছে। জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাৰ পুলৱামাত সেনাৰ বাহন এখন বিস্ফোৰক সামগ্ৰীৰে উৰুৱাই দিয়াৰ ফলত বাহনৰ ভিতৰত থকা সেনাৰ দলটো জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুবৰণ কৰিছিল।