বছৰৰ শেষৰ দেওবাৰটোত বনভোজ খাবলৈ গৈ ৰহাৰ আমচৈ শিৱকুণ্ডৰ বনভোজস্থলীত বন্যহস্তীৰ হাতত প্ৰাণ হেৰুৱালে ৰহাৰ নামগাঁৱৰ সৰবৰহী যুৱক নিপুল বৰদলৈয়ে। বনভোজস্থলীত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় যুৱকজন।
উল্লেখযোগ্য যে দেওবাৰে বিয়লি শিৱকুণ্ডৰ পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ জাকে আক্ৰমণ কৰিছিল বনভোজকাৰী দলটোক। বন্যহস্তীৰ আক্ৰমণৰ পৰা কথপমি প্ৰাণৰক্ষা পৰে আন বনভোজকাৰী দলসমূহ যদিও ৰহাৰ যুৱকজনে কৰুণ মৃত্যুক সাৱটিব লগা হয়। পৰবৰ্তী সময়ত আমচৈ আৰক্ষী আৰু বন বিভাগৰ লোকে বৰদলৈৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।