দিনৰ দিনটো কাৰ্যালয় বা ব্যৱসায়িক কামত ব্যস্ত থকাৰ পাছত যিসকল লোকে ঘৰত ইচ্ছা থাকিলেও সময়ৰ অভাৱ বা দুখ – ভাগৰৰ বাবে ৰন্ধা বঢ়াৰ বাবে সময় নাপাই তেনে লোকৰ সুবিধাৰ বাবে জালুকবাৰীৰ পদুমবৰীত হোটেল ৰেডিচন ব্লুৰ বিপৰীত দিশত আৰু হেমলতা ধাবাৰ সন্মুখত ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত মাঘ বিহুৰ উৰুকাৰ প্ৰাকক্ষণত মুকলি কৰা হৈছে ‘যিমান পাৰা সিমান নিয়া’ নামৰ এখন খাদ্য বিপনী। বিপনীখন দৈনিক সন্ধিয়া ৫ বজাৰ পৰা নিশা ১০ বজালৈ গ্ৰাহকৰ বাবে মুকলি থাকিব।
বিপনীখন মুকলি কৰে কামৰূপ জিলাৰ মুক্তাপুৰৰ নসত্ৰস্থিত হেমলতা পাব্লিক চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ অধ্যক্ষা ডঃ আটলাণ্টা চৌধুৰীয়ে। এই উপলক্ষে বিপনীখনৰ স্বত্বাধিকাৰী, অভিযন্তা ৰিংকু বৈশ্যই আঁত ধৰা চমু অনুষ্ঠানত ডঃ আটলাণ্টা চৌধুৰীয়ে ভাষণত খাদ্য বিপনীখনে গ্ৰাহক ৰাইজ তথা খাদ্য ৰসিক সকলৰ মন জয় কৰিব পাৰিব বুলি আশা ব্যক্ত কৰে আৰু এনে ধৰণৰ ব্যতিক্ৰমী খাদ্য বিপনী স্থাপন কৰা বাবে অভিযন্তা ৰিংকু বৈশ্যৰ শলাগ লয়। অনুষ্ঠানত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প্ৰাক্তন সচিব ডঃ প্ৰদীপ কলিতাকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে। উল্লেখযোগ্য যে বিপনীখনত তন্দুৰীৰ পৰা আৰম্ভ কৰি আমিষ আৰু নিৰামিষ দুয়ো ধৰণৰ খাদ্য উপলব্ধ হব তাত বিশেষভাবে জনপ্ৰিয় “শ্বৰামা ৰোল’ প্ৰস্তুত কৰা হব বুলি স্বত্বাধিকাৰীয়ে জানিবলৈ দিছে।