১ এপ্ৰিলৰ পৰা ১৫ বছৰ পুৰণি সকলো চৰকাৰী বাহন বাতিল কৰা হ’ব। বিশেষকৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ১৫ বছৰতকৈ পুৰণি পৰিবহন নিগমৰ বাহন অন্তৰ্ভুক্ত আছে।
পথ পৰিবহণ ঘাইপথ মন্ত্ৰালয়ে জাৰি কৰা এক জাননী অনুসৰি, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ১৫ বছৰতকৈ অধিক পুৰণি বাহনৰ পঞ্জীয়ন ১ এপ্ৰিলৰ পৰা বাতিল কৰা হ’ব। সকলোবোৰ বাহনক পঞ্জীভুক্ত স্ক্ৰেপ কেন্দ্ৰত ধ্বংস কৰা হ’ব। অৱশ্যে এই নিয়ম দেশৰ সুৰক্ষা আৰু আইন-শৃংখলা তথা আভ্যন্তৰীণ সুৰক্ষা ৰক্ষণা বেক্ষণৰ বাবে ব্যৱহাৰ কৰা বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব।
২০২১-২২ বৰ্ষৰ বাজেটত ঘোষণা কৰা নীতি অনুসৰি ২০ বছৰৰ পিছত ব্যক্তিগত বাহনৰ ফিটনেচ পৰীক্ষা আৰু বাণিজ্যিক বাহনসমূহে ১৫ বছৰৰ পিছত ফিটনেছ পৰীক্ষা কৰিব লাগিব। আনহাতে ১ এপ্ৰিল ২০২২-ৰ পৰা কাৰ্যকৰী হোৱা নীতিৰ অধীনত, কেন্দ্ৰই কৈছে যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবোৰে স্ক্ৰেপত সলনি কৰা বাহনৰ দ্বাৰা নতুন বাহন ক্ৰয় কৰিলে ২৫ শতাংশ ৰেহাই পাব।