অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ পৰিবহণ বিভাগে প্ৰায় নিয়মীয়াকৈ ৰাজহুৱা ঘোষণা, সজাগতা অনুষ্ঠান আদিৰ জড়িয়তে সৰ্বস্তৰৰ ৰাইজৰ মাজত জনসচেতনতা সৃষ্টিৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ এনেক্ষেত্ৰতো বহু যান-বাহনৰ গৰাকীয়ে আজিও নথিপত্ৰ নৱীকৰণ নকৰাৰ লগতে যাৱতীয় কৰ-কাটল আদায় নিদিয়াকৈ সম্পূৰ্ণ অন্যায়ভাৱে যানবাহন চলাই সুৰক্ষিত যাতায়তত ব্যাঘাট জন্মোৱা কাৰ্যই সকলোকে হতচকিত কৰিছে৷ সেয়ে এনে বাহনৰ বিৰুদ্ধে আগন্তুক ১ ফেব্ৰুৱাৰীৰ পৰা পৰিবহণ বিভাগে তীব্ৰতৰ কৰি তুলিব “অভিযান কুৰুক্ষেত্ৰ”৷
এই সন্দৰ্ভত বিভাগৰ এক উচ্চস্তৰীয় দল সাজু কৰি “অভিযান কুৰুক্ষেত্ৰ” আৰম্ভ কৰিব বুলি সদৰি কৰি সহকাৰী পৰিবহণ আয়ুক্ত তথা কামৰূপ মহানগৰ জিলাৰ দায়িত্ববাহী পৰিবহণ বিষয়া গৌতম দাসে কয় যে আগন্তুক ৩১জানুৱাৰীৰ আগতে সকলোৱে যানবাহনৰ যাৱতীয় নথিপত্ৰ নৱীকৰণ কৰক, লগতে যান-বাহনৰ যাৱতীয় কৰ-কাটলসমূহ আদায় দিয়ক, কিয়নো ৰাজপথৰ সুৰক্ষিত যাতায়াতৰ প্ৰথম আৰু প্ৰধান চত্তটোৱে হৈছে নথিপত্ৰসমূহ নৱীকৰণ কৰি বাহনখন বৈধ কৰি ৰখা৷ যান-বাহনৰ কৰ-কাটল সময়মতে আদায় দি নথি-পত্ৰসমূহ নৱীকৰণ কৰি নাৰাখিলে বাহনখন কেতিয়াও বৈধ বুলিব নোৱাৰি, অবৈধভাৱে কোনো বাহনেই পথত চলা উচিত নহয়৷ পৰিবহণ বিভাগে কোনো অবৈধ বাহনকে কেতিয়াও পথত চলিবলৈ নিদিয়ে সেয়ে অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তুলি সকলোৰে বাবে সুৰক্ষিত যাতায়ত ব্যৱস্থা বাহাল ৰখাৰ স্বাৰ্থত বিভিন্ন বিভাগৰ সহযোগত পৰিবহণ বিভাগে পাৰ্যমানে প্ৰচেষ্টা চলাই আহিছে৷ ইমানৰ পিছতো এই গুৰুত্বপূৰ্ণ বিষয়টো আওকাণ কৰি বিনাদ্বিধাই যানবাহন চলাই অনাকাংক্ষিত দুৰ্যোগ, দুৰ্ঘটনা মাতি অনা যানবাহনক ন্যায়ৰ যুঁজত অবতীৰ্ণ কৰিবলৈকে পৰিবহণ বিভাগে “অভিযান কুৰুক্ষেত্ৰ” তীব্ৰতৰ কৰিব। উল্লেখ্য যে, যান-বাহনৰ নথি-পত্ৰসমূহ বৈধ কৰি ৰখা বাহনৰ গৰাকীৰ প্ৰতি সন্মান জনাই ৰাজপথৰ ন্যায়-অন্যায়ৰ যুঁজত অন্যায়ভাৱে চলি থকা যান-বাহন ধৰা পৰিলেই বৃহৎ পৰিমানৰ জৰিমনা ভৰাৰ উপৰি গাড়ীখন জব্দ আৰু প্ৰয়োজন সাপেক্ষে অনুজ্ঞাপত্ৰ বাতিল হ’ব পাৰে বুলিও সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে কয়৷