নিউজ ডেস্কঃ ক’ভিড-১৯ক বিশ্ব স্বাস্থ্য সংস্থাই ইতিমধ্যেই বিশ্বজনীন মহামাৰী হিচাপে ঘোষণা কৰিছে৷ তেতিয়াৰে পৰা এই ভাইৰাছবিধে বিশ্বৰ প্ৰায় প্ৰতিখন দেশকে প্ৰভাৱান্বিত কৰিছে৷ মহামাৰীবিধে বিশ্বৰ অৰ্থনীতিকো প্ৰভাৱান্বিত কৰিছে৷ উন্নত দেশসমূহেও আনকি এই ৰোগবিধৰ সৈতে হাবু-ডুবু খাইছে৷
ভাইৰাছবিধে ভাৰতীয় অৰ্থনীতিকো প্ৰায় তচনচ কৰিছে৷ ২০২০-২১ বিত্তীয় বৰ্ষৰ এপ্ৰিল-জুনৰ প্ৰথমটো ত্ৰিমাসিকত প্ৰকাশিত জিডিপিৰ তথ্য অনুসৰি ভাৰতৰ জিডিপি ২৩.৯%লৈ সংকুচিত হৈছে৷ ক’ভিড-১৯ মহামাৰীৰ ফলত অসমো অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্ত হৈছে৷
অসমৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা তথ্য অনুসৰি অসমে এপ্ৰিল ২০২১ৰ ভিতৰত ২২,৫০০ কোটি টকাৰ ঋণ লোৱাৰ বাবে সাজু হৈছে৷
ক’ভিড-১৯ মহামাৰীৰ ফলত সৃষ্টি হোৱা বিত্তীয় সংকটৰ বাবে ৰাজ্য চৰকাৰে কেৱল কেইটামানহে গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম হাতত লৈছে৷ বিধায়ক আৰু মন্ত্ৰীসকলৰ দৰমহা কৰ্তন কৰা হৈছে৷ অৱশ্যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা আৰু পেঞ্চনত এই পৰ্যন্ত কোনো কৰ্তন কৰা হোৱা নাই৷ দৰমহা পেঞ্চনৰ বাবে ৰাজ্যখনক ২৮০০ কোটি টকাৰ প্ৰয়োজন হয়৷
কেন্দ্ৰই জিএছটি সাহায্য বন্ধ কৰিবলৈ গ্ৰহণ কৰা সিদ্ধান্তইও অসমৰ বিত্তীয় স্থিতিত ক্ষতি কৰিছে৷ জিএছটি প্ৰণয়নৰ পিছত কেন্দ্ৰই অসমক ২০১৭ৰ পৰা ২০২২লৈ ১৪% সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু এতিয়া কেন্দ্ৰই সাহায্যৰ পৰিৱৰ্তে ৰাজ্য চৰকাৰক ঋণ ল’বলৈও আহ্বান জনাইছে৷
নিয়মানুসৰি অসম ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন (জিডিপি)ৰ ৩ শতাংশ অৰ্থাৎ প্ৰায় ১২০০০ কোটি টকাৰ ঋণ লাভ কৰাৰ বাবে যোগ্য৷ কিন্তু এইখিনি টকাৰে ২০২১ত অনুষ্ঠিত হ’বলগীয়া আগন্তুক নিৰ্বাচনলৈ পৰ্যাপ্ত নহ’ব৷
কিন্তু কেন্দ্ৰই ইয়াৰ মাজতে এনে এক ব্যৱস্থা প্ৰণয়ন কৰিছে যে যদি কোনো ৰাজ্য চৰকাৰে কেন্দ্ৰৰ নতুন ‘‘বিতৰ্কিত’’ বৈদ্যুতিক (সংশোধনী) বিধেয়ক, ২০২০লৈ সমৰ্থন আগবঢ়ায় তেন্তে তেওঁলোকে ৰাজ্যসমূহক বিত্তপোষিত কৰিব৷
বিধেয়কখনৰ মতে ৰাজ্য চৰকাৰে বৈদ্যুতিক ক্ষেত্ৰখন ব্যক্তিগত খণ্ডৰ হাতলৈ এৰি দিব লাগিব৷ পূৰ্ব পৰিকল্পনা অনুসৰি অসম চৰকাৰে কেন্দ্ৰৰ এই বিতৰ্কিত সংশোধনী বিধেয়কখনৰ প্ৰতি অনুমোদন জনাইছে৷
হেডলাইন ৮ক জনোৱা তথ্য অনুসৰি অসম ৮০০০ কোটিৰ পৰা ৯০০০ কোটি টকালৈ ঋণ লাভ কৰিব পাৰে৷ ইয়াৰ জৰিয়তে ৰাজ্যখনে মুঠ ২১০০০ কোটি টকা ঋণ লাভ কৰিব৷
এই সময়ছোৱাতে ড০ হিমন্ত বিশ্ব শৰ্মাই অন্য এটা আঁচনি লৈ আহিছে৷ নিয়মমতে ৰাজ্য চৰকাৰে ন্যূনতম ১০৮ কোটি টকা পাব লাগে৷ কিন্তু যদি ৰাজ্য চৰকাৰে অনুপালনত ব্যৰ্থ হয় তেন্তে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা অতিশয় কম সুতত ৮০০ কোটি টকাৰ ঋণ লাভ কৰিব৷
মহামাৰীৰ সময়ত অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰক সাহায্য প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনে ১৫০০ কোটি টকা ঋণ হিচাপে পাব৷ এই অতিৰিক্ত ১৫০০ কোটি টকাৰ সৈতে মুঠ ঋণৰ পৰিমাণ হ’ব ২২৫০০ কোটি টকা৷ ৰাজ্যখনে এই ঋণ প্ৰায় ৩ মাহত উভতাব লাগিব৷
কিন্তু এই ‘ঋণৰ খেলা’ খনত জীয়াতু ভুগিব লাগিব ৰাজ্যখনৰ সাধাৰণ জনতাই৷ ইয়াৰ জৰিয়তে ৰাজ্যখনৰ জনতাৰ ওপৰত ঋণৰ তীব্ৰ মাধমাৰ পৰিব৷
নিবনুৱা সমস্যা তথা নিম্নগামী অৰ্থনীতিত ত্ৰস্ত অসম চৰকাৰে তেওঁলোকৰ জনসাধাৰণৰ ওপৰত এনে এটা বোজা জাপি দিয়াটো উচিত নে? অসম চৰকাৰৰ হাতত অন্য বিকল্প নাই নেকি? ঋণ গ্ৰহণেই একমাত্ৰ উপায় নেকি?