নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰখাৰ সময়তেই নগাঁৱৰ বিভিন্ন প্ৰান্তত অতি কৌশলেৰে একাংশই চলাই আহিছে নিষিদ্ধ ড্ৰাগছৰ গোপন বেহা ৷ আনকি নগাঁৱত এতিয়া বহু মহিলাও জড়িত হৈ পৰিছে ড্ৰাগছৰ ব্যৱসায়ত ৷
সোমবাৰে নিশা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী চমুকৈ চিআৰপিএফ আৰু নগাঁও আৰক্ষীৰ যুটীয়া অভিযানত জালত পৰে ড্ৰাগছৰ বেহাৰ সৈতে জড়িত এনে এটা দম্পতী ৷
প্ৰাপ্ত তথ্য অনুসৰি,জামাল উদ্দিন আৰু পত্নী জ্যোৎস্নাৰা বেগমে মিলি ড্ৰাগছৰ বেহাত জড়িত হৈ যুৱ প্ৰজন্মৰ জীৱন ধ্বংসৰ গৰাহলৈ ঠেলি দিছে ৷ স্বামীয়ে ক্ৰয় কৰি অনা ড্ৰাগছ ঘৰৰ পৰাই অতি কৌশলেৰে বিক্ৰী কৰি আহিছে পত্নী জ্যোৎস্নাৰা বেগমে ৷
নগাঁৱৰ কাতিমাৰীস্থিত চিআৰপিএফৰ ৩৪ নং বেটালিয়ন আৰু নগাঁও আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই কাতিমাৰীৰ জামাল উদ্দিনৰ বাসগৃহত ৷ অভিযানকাৰী দলটোৱে বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে এই বেহাত জড়িত জামাল উদ্দিন আৰু পত্নীক হাতে-লোটে আটককৰিবলৈ সক্ষম হয় ৷ ধৃত দম্পতীটোৰ পৰা আৰক্ষীয়ে ড্ৰাগছৰ লগতে নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় ৷