সমাগত নৱবৰ্ষ৷ বছৰৰ অন্তিম দিন আৰু নৱবৰ্ষৰ প্ৰথম দিনটোতেই সুৰাপায়ী চালকৰ বাবে বহু দুৰ্ঘটনা সংঘটিত হৈ আহিছে। এইবাৰ এনেধৰণৰ দুৰ্ঘটনা ৰোধ কৰিবলৈ প্ৰশাসনে হাতত লৈছে বহু অভিযান৷ লগতে সুৰাপায়ী চালকৰ বিৰুদ্ধে কঠোৰ হৈছে প্ৰশাসন৷ সেইদৰে ৩১ ডিচেম্বৰৰ পূৰ্বে কঠোৰ হৈছে পৰিবহণ বিভাগো৷
শেহতীয়াকৈ মহানগৰীৰ নাৰেংগীত নিশা অভিযান চলিল পৰিবহণ বিভাগৰ৷ সুৰাপান কৰা চালকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা দেখা গ’ল প্ৰশাসনক৷ ইতিমধ্যেই ৬ দিনত কামৰূপ মহানগৰত ৰুজু হৈছে ৫০০টা গোচৰ৷ তাৰোপৰি বাতিল কৰা হ’ল বহু চালকৰ অনুজ্ঞাপত্ৰ৷
সুৰাপায়ী চালকৰ বিৰুদ্ধে কোকৰাঝাৰ, মঙলদৈ, নলবাৰী, শিৱসাগৰ, যোৰহাট আদিকে ধৰি ৰাজ্যৰ বহু ঠাইত চলিল অভিযান৷ ছীটবেল্ট পৰিধান নকৰা চালককো বিহিলে জৰিমনা৷ আনহাতে তাৰ বিপৰীত ছবি দেখা গ’ল ডিফু চহৰত৷ চহৰখনৰ মাজমজিয়াত পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সভাৰ আয়োজন কৰিছে বিভাগীয় কৰ্তৃপক্ষই৷ বাটৰ নাট প্ৰদৰ্শনেৰে সজাগতা সৃষ্টিৰ প্ৰয়াস পৰিবহন বিভাগ আৰু প্ৰশাসনৰ৷