ৰঙালাও নিশ্চয় আপোনাৰো প্ৰিয় পাচলিসমূহৰ ভিতৰত এবিধ ৷
ৰঙালাওৰ সুস্বাদু ব্যঞ্জন আমাৰ স্বাস্থ্যৰ বাবেও অতি উপকাৰী ৷
পৌষ্টিক আৰু ঔষধি গুণত ৰঙালাও অদ্বিতীয় ৷
আপুনি জানেনে ৰঙালাওৰ দৰে ইয়াৰ গুটিসমূহো বিভিন্ন পুষ্টিৰে পৰিপূৰ্ণ ৷
ৰঙালাওৰ পৰিমিত সেৱনে মগজুৰ দুৰ্বলতা দূৰ কৰি মগজুক সৱল আৰু সক্ৰিয় কৰি তোলে আৰু দেহৰ মেদবহুলতা প্ৰতিৰোধ কৰি শৰীৰ আটিল কৰি তোলে ৷
কেঞ্চাৰ প্ৰতিৰোধৰ ক্ষেত্ৰতো ৰঙালাও এ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷
ৰঙালাও আৰু ইয়াৰ গুটিৰ ঔষধি গুণসমূহঃ
- ৰঙালাও কেঞ্চাৰ ৰোগ প্ৰতিৰোধী এবিধ খাদ্য ৷ ৰঙালাওত থকা শ্বেতসাৰৰ পৰা ‘প্ৰাপিয়নিক এচিড’ নিঃসৰিত হয়, যিয়ে কেঞ্চাৰৰ কোষসমূহ ধ্বংস কৰে ৷
- ৰঙালাওৰ গুটি বিষ আৰু পেটৰ কৃমিনাশক ৷ মূত্ৰকৃচ্ছ বা মূত্ৰ বিকাৰতো ই ফলপ্ৰসূ ৷
- ৰঙালাও গুটিত বিভিন্ন প্ৰকাৰৰ ভিটামিন বি কম্প্লেক্স, জিংক, এণ্টি-অক্সিডেণ্ট থকাৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷
- বৰ্ষাঋতুৰ সময়ত হোৱা বিভিন্ন সংক্ৰামক ৰোগৰ পৰা শৰীৰক বচাই ৰখাত সহায় কৰে ৰঙালাওৰ গুটিয়ে ৷
- মেগনেছিয়াম থকাৰ বাবে ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণ কৰে, হাৰ্ট এটেক, ষ্ট্ৰোকৰ সম্ভাৱনা দূৰ কৰি হাৰ্ট সুস্থ আৰু সৱল কৰি ৰাখে ৷
- নিদ্ৰাহীনতা দূৰ কৰাত ৰঙালাও গুটি খুৱেই উপকাৰী ৷ ইয়াত থকা ট্ৰিপত’ফেন জিংক আৰু মেগনেছিয়ামে নিদ্ৰাৰ বাবে উপকাৰী হৰম’ন প্ৰস্তুত কৰাত মুখ্য ভুমিকা পালন কৰে ৷
- ৰঙালাওত থকা আঁহ আৰু ফাইবাৰে শৰীৰৰ অলাগতিয়াল চৰ্বি কমাই ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷