শাকৰ ভিতৰত ব্ৰাহ্মী শাক এবিধ প্ৰসিদ্ধ শাক ৷
ব্ৰাহ্মী শাকৰ অনেক গুন আছে ৷
ব্ৰাহ্মী শাক স্নায়বিক উত্তেজক, প্ৰসাৱকাৰক, মৃদু বিৰেচক আৰু বলকাৰক ৷
ভাৰতীয় আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি সৰ্বাধিক লোকে ব্যৱহাৰ কৰা আন এবিধ খাদ্য হ’ল ব্ৰাহ্মী ৷
স্মৃতিশক্তি বৃদ্ধি কৰাৰ বাবে প্ৰায় সকলো ল’ৰা-ছোৱালীক ব্ৰাহ্মী খাবলৈ দিয়া হয় ৷
ইয়াৰ উপৰিও ব্ৰাহ্মীৰ আন উপকাৰিতাসমূহ হ’ল-
- ব্ৰাহ্মীয়ে ষ্ট্ৰেছ হৰমন কৰ্টিচল হ্ৰাস কৰি সকলো প্ৰকাৰৰ হতাশা দূৰ কৰাত সহায় কৰে ৷
- ব্ৰাহ্মীত থকা বকোচাইডছৰ বাবে এলজাইমাৰ ৰোগ প্ৰতিৰোধ আৰু নিৰাময়ত সহায় কৰে ৷
- ব্ৰাহ্মীত থকা এণ্টি-অক্সিডেণ্টে ফি ৰেডিকেল নাশ কৰি কেঞ্চাৰ প্ৰতিৰোধ কৰে আৰু শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷
- ব্ৰাহ্মীত থকা এণ্টি-অক্সিডেণ্টে বাত, গাউত আৰু আন আন ৰোগ প্ৰতিৰোধ কৰে তথা নিৰাময় কৰাত সহায় কৰে ৷
- বহুমূত্ৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কৰাত ব্ৰাহ্মীয়ে সহায় কৰে, ইয়াৰ উপৰি হাইপ’গ্লাইচেমিয়া নিৰাময় কৰাতো সহায় কৰে ৷
- ব্ৰাহ্মী খালে আৰু পানীত দ্ৰৱীভূত ব্ৰাহ্মী চুলিৰ গুৰিত আৰু ছালত লগালে চুলি সৰা হ্ৰাস হয় আৰু ছালৰ সৌন্দৰ্য্য বৃদ্ধি পায় ৷