বলীউদ-হলীউদৰ ফেশ্বন ডিভা প্ৰিয়ংকা চোপ্ৰাই ভালদৰে জানে যে মানুহক আকৰ্ষণ কৰিবলৈ কিদৰে সাজ-সজ্জা কৰিব লাগে।
বৰ্তমান সময়ত অভিনেত্ৰী গৰাকী এটা চুলিৰ ব্ৰেণ্ডৰ লগতে নিজৰ কিতাপ ” Unfinished”ৰ সৈতে ব্যস্ত হৈ আছে।
শেহতীয়াকৈ প্ৰিয়ংকাই নিজ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰা এটি সৰু ভিডিঅ’ত নিজৰ কিতাপ খনৰ বিষয়ে প্ৰকাশ কৰিছে।
ভিডিঅ’টিত প্ৰিয়ংকা চোপ্ৰাই পৰিধান কৰিছে এটি প্ৰিণ্টেড পাইজামা ।
যাক লৈ এতিয়া ছ’চিয়েল মিডিয়াৰ সৰ্বত্ৰে চৰ্চিত বিষয় হৈ পৰিছে।
এতিয়া আপোনাৰ মনত নিশ্চয় পাইজামাক লৈ প্ৰশ্ন উত্থাপন হৈছে।
দৰাচলতে ভিডিঅ’টিত প্ৰিয়ংকা চোপ্ৰাই পৰিধান কৰা প্ৰিণ্টেড পাইজামাটো ইটালীৰ জনপ্ৰিয় এটি ব্ৰেণ্ড “ডলচ আৰু গাব্বানা”ৰ।
এই পাজামাৰ সৈতে মিলাকৈ আছে এখন মাক্স।এই দামী পাইজামা যোৰ কভিড’ৰ সময়ত তৈয়াৰ কৰা হৈছিল।
ডিজাইনাৰ লেবেলৰ এই পাইজামা যোৰৰ দাম ১,১৫০ ইউৰো,ভাৰতীয় মুল্যত প্ৰায় ১,০১,২০০ টকা।
View this post on Instagram
কটন পপলিন কাপোৰেৰে তৈয়াৰী পাইজামা যোৰ হাতত পাইপিন দিয়া হৈছে আৰু টাইগাৰ প্ৰিণ্টৰ ওপৰত ৰঙা গোলাপেৰে সুন্দৰকৈ তৈয়াৰ কৰাৰ লগতে সন্মুখৰ ভাগত মুকুতাৰ বুটাম দিয়া হৈছে।
বিশ্ব সুন্দৰী অভিনেত্ৰী গৰাকীয়ে শ্বেয়াৰ কৰা ভিডিঅ’টিত সামান্য মাস্কাৰা আৰু পাতল ব্ৰাউন ৰঙৰ লিপষ্টিক পৰিধান কৰি নিজক ধুনীয়াকৈ সজাই তুলিছে।
photo: google