সময়ত সঠিক সিদ্ধান্ত ল’ব নোৱাৰাটো মানুহৰ অন্যতম এটা বিয়োগাত্মক দিশ। জীৱনৰ প্ৰাথমিকতা কি সেয়া বুজি পাবলৈ বহু ক্ষেত্ৰত আমাৰ পলম হয়। প্ৰকৃততে মানুহে নিজৰ ভাল লগাতকৈও আনে ভালপাৱনে নাপায় সেই কথা বেছিকৈ ভাবে। সেয়েহে,নিজৰ ক্ষতি কৰিও আনক, বিশেষকৈ বন্ধু-বান্ধৱক সহায় কৰাত কুণ্ঠাবোধ নকৰে।
বহু সময়ত মানুহে বুজি নাপায় যে তেওঁ কি কৰিব লাগে আৰু কি কৰা উচিত, তেওঁৰ বাবে কোনটো ঠিক হ’ব আৰু কোনটো ঠিক নহ’ব! এনে সিদ্ধান্ত লব নোৱাৰাৰ ফলতে মানুহ সদায় বিপদৰ সন্মুখীন হয় আৰু অশান্তিত পৰে।
কোৱা হয় মূৰ্খ লোকৰ সৈতে কেতিয়াও তৰ্কত লিপ্ত হ’ব নালাগে। আপোনাৰ বন্ধুৰ তালিকাত এনে কিছু বন্ধু বান্ধৱী ওলাব যিসকলে একো নুবুজে আৰু বুজিবলৈ চেষ্টাও নকৰে আৰু কেতিয়াবা সেই লোকৰ সৈতে আপুনি বাকযুদ্ধত লিপ্ত হবলগীয়া হয়। যদিও আপুনি তেওঁক শুদ্ধ আৰু ভাল কথাই কৈ আছে কিন্তু তেওঁ আপোনাক উত্তৰ দিব যে, তেওঁহে শুদ্ধ অর্থাৎ আপুনি ভুল কথা কৈছে। সেই অৱস্থাত আপোনাৰ নিশ্চিত ভাবে খং উঠিব, ফলত আপুনি তেওঁক বাৰে বাৰে বুজাবলৈ চেষ্টা কৰিব।
সেয়ে কোৱা হয়, মূর্খ ব্যক্তিয়ে সেইটোহে শুনে যি তেওঁ শুনি ভাল পাই, আপুনি কি কৈছে আৰু কি কবলৈ লৈছে তাত তেওঁৰ গুৰুত্ব নাথাকে বা তেওঁ দৰকাৰী বুলি অনুভৱ নকৰে। কোৱা হয় ‘তেওঁক বুজাব পাৰি যিজন বুদ্ধিমান, মূর্খক নহয়’। এনেধৰণৰ লোকে কিবা কলে এখন কানেৰে শুনি আন খনৰে উলিয়াই দিব লাগে, তেতিয়া আপোনাৰ সম্পৰ্কও ভালে থাকিব আৰু অশান্তিও নহব।
কোৱা হয় নিজৰ গোপন কথা আনক কব নালাগে। মানুহে প্ৰায়ে বন্ধুত্ব গভীৰ হৈ পৰিলে নিজৰ সমস্ত কথা সন্মুখৰ জনক কৈ দিয়ে। অথচ, আজি যিজন আপোনাৰ বন্ধু হৈ আছে কাইলৈ তেওঁ বন্ধু হৈ নাথাকিবও পাৰে। সেয়েহে আপোনাৰ দুৰ্বলতাখিনি পৰাপক্ষত বেলেগৰ আগত প্ৰকাশ নকৰিব। কাৰণ এটা সময়ত আপোনাৰ এই দুর্বলতা খিনিক আন কোনোবাই আপোনাৰ বিপক্ষে অস্ত্র হিচাপে ব্যৱহাৰ কৰিবও পাৰে।
জীৱনটো সহজ-সৰল ভাৱে লওক, আনক অপকাৰ নকৰাকৈ নিজৰ ভাললগা খিনি কৰি যাওঁক। সমালোচনাৰ পৰা দূৰত থাকক। বিশেষকৈ নিজক ভাল পাবলৈ শিকক, আপোনাৰ জীৱন সমৃদ্ধ হৈ পৰিব।