• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অসম বন কৰ্মচাৰী সন্থাৰ দ্বি-বাৰ্ষিক অধিবেশনৰ সামৰণি

নিউজ ডেস্ক by নিউজ ডেস্ক
December 20, 2022
in সংবাদ, অসম
1 min read
0
অসম বন কৰ্মচাৰী সন্থাৰ দ্বি-বাৰ্ষিক অধিবেশনৰ সামৰণি
Share on FacebookShare on Twitter

গুৱাহাটীৰ জালুকবাৰীস্থিত অসম বন বিদ্যালয়ত সদৌ অসম বন কৰ্মচাৰী সন্থাৰ ৪২ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনৰ ১৮ ডিচেম্বৰত অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকি মন্ত্ৰী পাটোৱাৰীয়ে ভাষণ প্ৰসংগত মন্ত্ৰী পাটোৱাৰীয়ে কয় যে-“সম্প্রতি ৰাজ্য চৰকাৰৰ বন বিভাগত বহু পদ খালী হৈ আছে যদিও অতি সোনকালে খালী হৈ থকা পদ সমূহ পূৰণ কৰা হ’ব। ইতিমধ্যে মুখ্যমন্ত্ৰীৰ তৎপৰতাত তৃতীয় বন বাহিনী গঠন কৰাৰ ব্যৱস্থা কৰা হৈছে, যাতে বন বিভাগটো সুৰক্ষিত হৈ থাকিব।

উল্লেখনীয় যে অসম বন কৰ্মচাৰী সন্থাৰ ৪২ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনখন ১৭ আৰু ১৮ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটী আঞ্চলিক সমিতিৰ সহযোগত গুৱাহাটীৰ জালুকবাৰীস্থিত অসম বন বিদ্যালয় চৌহদত অনুষ্ঠিত হৈছিল। ১৭ ডিচেম্বৰত বিয়লি ২ বজাত প্ৰতিনিধি শিবিৰ উদ্ধোধনৰে অধিবেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অসম বন কৰ্মচাৰী সন্থাৰ মুখ্য উপদেষ্টা হোমেন পেগুৱে। তাৰ পাছত সন্থাৰ সভাপতি ৰাজেন্দ্ৰ শইকীয়াৰ সভাপতিত্বত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হয়। আনহাতে ১৮ ডিচেম্বৰত পুৱা সন্থাৰ পতাকা উত্তোলন কৰে সন্থাৰ সভাপতি ৰাজেন্দ্ৰ শইকীয়াই আৰু শ্বহীদ তৰ্পণ কৰে সাধাৰণ সম্পাদক পুলিন মহন্তই। ১০ বজাৰ পৰা প্ৰতিনিধি আৰু বিষয় বাচনি সভা অনুষ্ঠিত হয়। বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ সন্থাৰ মুখপাত্ৰ ‘বনজ্যোতি’ উন্মোচন কৰে অসম চৰকাৰৰ বন আৰু পৰিবেশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

আনহাতে সভাত সন্মানীয় অতিথি হিচাপে অসম চৰকাৰৰ বন বাহিনীৰ মুৰব্বী আৰু প্ৰধান মুখ্য বন সংৰক্ষক মহেন্দ্ৰ কুমাৰ যাদৱ , বিশিষ্ট অতিথি হিচাপে সদৌ অসম কৰ্মচাৰী পৰিষদৰ মুখ্য উপদেষ্টা বাসব কলিতা উপস্থিত থাকে। আমন্ত্ৰিত অতিথি হিচাপে অসম চৰকাৰৰ শীৰ্ষ বন বিষয়া ক্ৰমে বিনয় গুপ্তা , বিপিন কুমাৰ বাঞ্চাল, ডঃ চি মুথু কুমাৰৱেল, ভাস্কৰ ডেকা আৰু জয়ন্ত গোস্বামী উপস্থিত থাকে। সন্ধিয়া ৭ বজাত বন্তি প্ৰজ্বলন কৰে পশ্চিম কামৰূপ বন সংমণ্ডলৰ ডি এফ অ’ ডিম্পী বৰাই আৰু সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে পূব কামৰূপ বন সংমণ্ডলৰ ডি এফ অ’ ৰোহিণী বল্লভ শইকীয়াই। অনুষ্ঠানত তিনি গৰাকী বিশিষ্ট শিল্পী ক্ৰমে – বিহু গীতৰ সম্ৰাট খগেন গগৈ, অসম বিহু সংস্থাৰ সভাপতি দ্বীপজ্যোতি হাজৰিকা আৰু যুৱ কণ্ঠ শিল্পী হিমাংশু জান শৰ্মাক আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনোৱা হয়।

Previous Post

ট্ৰাইচেমৰ উদ্যোগত চকৰদৌত জৈৱিক কৃষি, হস্তশিল্পীৰ উৎপাদিত সামগ্ৰীৰ বিপনী মুকলি

Next Post

গুৱাহাটীত ‘হেল্পিং হেণ্ড’ৰ কার্যালয় মুকলি

Related Posts

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ
শিক্ষা

নলবাৰীত ড্ৰোন অভিযান আৰু মেৰামতিৰ এক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

October 2, 2023
আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন
ক্ৰাইম

আৰক্ষীৰ অভিযানত উদ্ধাৰ চুৰি বাহন

October 2, 2023
৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা
সংবাদ

৬ বছৰীয়া পুত্ৰসহ নিৰুদ্বেশ মহিলা

October 2, 2023
অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’
ৰাজনীতি

অমৃত কলহৰ মাটিৰে গুৱাহাটীত নিৰ্মাণ হ’ব ‘অমৃত বন’

October 2, 2023
১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!
সংবাদ

১০ বছৰীয়া বনকৰা কিশোৰীৰ গাত গৰম ইস্ত্ৰি লগাই নিৰ্যাতন প্ৰবক্তাৰ!

October 2, 2023
কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ
সংবাদ

কণ্ঠশিল্পী কল্পনা পাটোৱাৰীৰ বিৰুদ্ধে ২০ কোটি টকাৰ মানহানিৰ গোচৰ

October 2, 2023
Next Post
গুৱাহাটীত ‘হেল্পিং হেণ্ড’ৰ কার্যালয় মুকলি

গুৱাহাটীত ‘হেল্পিং হেণ্ড’ৰ কার্যালয় মুকলি

Daily Horoscope

আজিৰ দিনটোৰ ৰাশিফল

ৰাজ্য কঁপোৱা ৰেগিং কাণ্ডৰে জড়িত সকলৰ শাস্তি ঘোষণা

ৰাজ্য কঁপোৱা ৰেগিং কাণ্ডৰে জড়িত সকলৰ শাস্তি ঘোষণা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8