বহু সময়ত দেখা যায় যে সন্তানৰ দ্বাৰা পিতৃ-মাতৃ মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ বলি হয়। বয়স বাঢ়ি অহাৰ লগে-লগে পিতৃ-মাতৃক বহু সন্তানে বোজা বুলি ভাবিবলৈ লয়, আনকি বহুতে বৃদ্ধাশ্ৰমত ৰখাৰ লগতে কিছু সংখ্যকে আনকি ৰাজপথত এৰি থৈ আহিবলৈও কুণ্ঠাবোধ নকৰে। মাজে-সময়ে এনেধৰণৰ বহু ঘটনাই সংবাদ শিৰোনাম দখল কৰে। পিতৃ-মাতৃক সন্তানে চলোৱা নিৰ্যাতনৰ বিৰুদ্ধে আইন-আদালতে হস্তক্ষেপ কৰে যদিও সেয়া বহু সময়ত ফলপ্ৰসূ নহয়।
শেহতীয়াকৈ এগৰাকী মাতৃক পুত্ৰ-বোৱাৰীৰ অকথ্য শাৰীৰিক নিৰ্যাতনৰ বলি হোৱা এক ঘটনা আদালত পালেগৈ। দিল্লী উচ্চ ন্যায়ালয়ে পুত্ৰই মাতৃক নিৰ্যাতন চলোৱাৰ অভিযোগত পুত্ৰ-বোৱাৰীক ঘৰ-সম্পত্তি খালী কৰিবলৈ নিৰ্দেশ দিছে।
উল্লেখযোগ্য যে, ন্যায়াধীশ ভি কামেশ্বৰে এগৰাকী ৭৩ বছৰীয়া বৃদ্ধা মাতৃক পুত্ৰ আৰু বোৱাৰীকে চলোৱা নিৰ্যাতনৰ শাস্তি হিচাপে তিনি সপ্তাহৰ ভিতৰত পৈত্ৰিক সম্পত্তি এৰি দিবলৈ নিৰ্দেশ দিছে। জিলা দণ্ডাধীশৰ সম্পত্তি খালী কৰাৰ নিৰ্দেশৰ বিৰুদ্ধে পুত্ৰ আৰু বোৱাৰীয়েকে দাখিল কৰা আৱেদন খাৰিজ কৰি উচ্চ ন্যায়ালয়ে এই নিৰ্দেশ প্ৰদান কৰিছে।