জি এছ চি এইচত সফলতাৰে সম্পন্ন হল নগাঁৱত গুলীবিদ্ধ হোৱা ছাত্ৰ নেতা কীৰ্তিকমলৰ ভৰিৰ অস্ত্ৰোপচাৰ। চিকিৎসকে সদৰি কৰা মতে, ডাক্তৰৰ সকলো পৰামৰ্শ সম্পূৰ্ণ ভাৱে পালন কৰিলে এমাহৰ ভিতৰত কীৰ্তিকমলে আগৰ দৰেই চলা-ফিৰা কৰিব পাৰিব।
আনহাতে, শুকুৰবাৰে নগাঁৱত এণ্টি নাৰ্কটিক স্কোৱাডে কীৰ্তি কমল বৰাক গুলীয়াই আহত কৰাৰ বিষয়ত ৰাজহুৱা সাক্ষ্য গ্ৰহণ কৰে অসম চৰকাৰে গঠন কৰি দিয়া এজনীয়া কমিটীয়ে। তদন্ত কমিটীৰ দায়িত্বত থকা ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে নগাঁৱৰ আৱৰ্ত ভৱনত প্ৰত্যক্ষদৰ্শীৰ সাক্ষ্য গ্ৰহণ কৰে।