বিগত কিছু মাহত, অসমত সৰবৰাহৰ ঘটনা দিনক দিনে বৃদ্ধি হৈ গৈয়ে আছে।
অসমত বৃহৎ পৰিমানত ম্যানমাৰৰ পৰা সোণ, বিদেশী চিগাৰেট, টুৰ্কীৰ পৰা আফিন সৰবৰাহ কৰা হয়।
কেইবাখনো আন্তঃৰাষ্ট্ৰীয় বিমানে এই সৰবৰাহত সহায়-সহযোগিতা আগবঢ়ায়।
শুল্ক বিভাগৰ প্ৰকাশিত তথ্য অনুসৰি, ২০১৯-২০২০ বৰ্ষত বিভাগটোৱে ৬৬৩.৯৮ গ্ৰাম সোণ জব্দ কৰিছে।
এই জব্দকৃত সোণখিনিৰ মূল্য হ’ল ৭৭,৮৫,৯৮৮ টকা।
৩৮ ,০০০টা চিগাৰেট জব্দ কৰে। যাৰ মূল্য ৫,৭০,০০০ আৰু জব্দকৃত আফিনৰ মূল্য ৭,৪০,৬৮০।
COVID-19ৰ মহামাৰীৰ সময়তো এই সংখ্যা ২০২০-২১ত বৃদ্ধি হৈছে, য’ত সোণৰ ওজন ৮৩০.০৮ গ্ৰাম আছিল আৰু ইয়াৰ মূল্য আছিল ৪৩,২৪,৭১৩ টকা।
দক্ষিণ কোৰিয়া আৰু চীনত নিৰ্মিত ৮৬৯৬০০ ডাল চিগাৰেট চিগাৰেট জব্দ কৰে।
এই চিগাৰেটখিনিৰ মূল্য ৯৫,৩৬০০০ টকা আৰু ৯,৩২,৪৮০ টকাৰ আফিন জব্দ কৰে।
প্ৰসংগ সন্দৰ্ভত গুৱাহাটীৰ শুল্ক বিভাগৰ ডেপুটি কমিছনাৰ ঔম প্ৰকাশ তিৱাৰী Headline8ক জনালে যে, ”ভাৰতীয় বজাৰত ইয়াৰ মূল্য অধিক হোৱা বাবে বিদেশী সৰবৰাহকাৰীৰ তালিকাত সোণ শীৰ্ষত আছে।
ম্যানমাৰত সস্তীয়া সোণ সৰবৰাহ কৰি থাইলেণ্ডলৈ প্ৰেৰণ কৰা হয় আৰু পিছত অসমলৈ বিমানেৰে লৈ অনা হয়।
পিছত এজেণ্টৰ মাধ্যমেৰে সোণ অসমৰ পৰা দেশৰ অন্য প্ৰান্তলৈ বিতৰণ কৰা হয়।”
সৰবৰাহকাৰীয়ে ব্যৱহাৰ কৰা ৰণনীতি সন্দৰ্ভত, উপায়ুক্তই ক’লে যে সাধাৰণতে সোণৰ সৰবৰাহ গুৱাহাটীৰ দৰে সৰু আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা কৰা হয় আৰু তাৰ পৰা ঘৰুৱা উৰণৰ মাধ্যমেৰে ডাঙৰ চহৰসমূহলৈ সহজেৰে প্ৰেৰণ কৰা হয় কাৰণ শুল্ক বিভাগে নিজৰ ঘৰুৱা উৰণ পৰ্যবেক্ষণ নকৰে।
যি সৰবৰাহকাৰীৰ বাবে সুবিধাজনক।
যেতিয়া উপায়ুক্তগৰাকীক এই সৰবৰাহকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰা হয়, তেতিয়া তেওঁ ক’লে যে- সেইসকল সৰবৰাহকাৰীক আটক কৰাটো সহজ হ’ব যিসকল মিনি এজেণ্ট হয়।
কিন্তু এই সৰবৰাহকাৰীসকলৰ কিংপিনৰ তদন্ত কৰাটো বহুত কঠিন হয় কাৰণ এওলোকক ট্ৰেক কৰাটো বহুত কঠিন।
কিংপিনে নিজৰ এজেণ্টৰ সৈতে সম্পৰ্ক কৰিবলৈ অনলাইন গেমিং প্লেটফৰ্মৰ ব্যৱহাৰ কৰে আৰু হাৱালা প্ৰক্ৰিয়াৰে ধন লেন-দেন কৰা হয় আৰু এয়া ট্ৰেক কৰাটো যথেষ্ট কঠিন।
তেওঁ লগতে এই কথাটো প্ৰকাশ কৰিলে যে, সৰবৰাহকাৰীয়ে ছাৰ্জাৰীৰ জৰিয়তে নিজৰ গুহ্যদ্বাৰত সোণ লুকুৱাই সৰবৰাহ কৰে।
ডিচেম্বৰ মাহত এনে এক ঘটনাৰ কথা উল্লেখ কৰি কয় যে, গুৱাহাটী বিমানবন্দৰত এজন লোকে গুহ্যদ্বাৰত প্ৰায় ৩০০ৰ পৰা ৪০০ গ্ৰাম সোণৰ বিস্কুট লুকাই থোৱা পাইছিল।
Photo: Google