উত্তৰ অসম সংযোগী অতি গুৰুত্বপূর্ণ কলিয়াভোমোৰাৰ দ্বিতীয়খন দলং অতিশীঘ্রেই যাতায়াতৰ বাবে মুকলি হ’ব৷ ব্রহ্মপুত্রৰ ওপৰৰ কলিয়াভোমোৰা দলঙৰ সমান্তৰালকৈ নির্মিত এই দলংখনে যাতায়াত ব্যৱস্থাৰ লগতে দেশৰ সুৰক্ষা বাহিনীৰ বাবে অধিক গুৰুত্বপূর্ণ হৈ পৰিব৷
উল্লেখ্য যে, দেশৰ সুৰক্ষা বাহিনীয়ে আন্তঃৰাষ্ট্রীয় সীমাত উপনীত হ’বলৈ ৰে’ল যোগাযোগ ব্যৱস্থাৰ পাছতেই এই ঘাইপথ আৰু দলং স্থলপথ যাতায়াত ব্যৱস্থাৰ অন্যতম গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷ ১৯৮৬ চনত কলিয়াভোমোৰা দলং যাতায়াতৰ বাবে মুকলি কৰাৰ পাছত সুদীর্ঘ প্রায় তিনিটা দশকৰ অধিক সময় সুচল যাতায়াত ব্যৱস্থাত অভূতপূর্ব অৰিহণা যোগাই অহা এই কলিয়াভোমোৰা দলঙৰ বহন ক্ষমতাৰ প্রতি লক্ষ্য ৰাখি কলিয়াভোমোৰা দলঙৰ সমীপত দ্বিতীয়খন দলঙৰ প্রকল্প আৰম্ভ কৰা হয়৷ চুলুং–ডলাবাৰী সংযোগী এই দলংখনৰ মুঠ দৈর্ঘ্য ৩.০৪০ কিলোমিটাৰ আৰু এই দলংখনৰ মুঠ খুঁটা ২৬টা৷ চুলুঙৰ পৰা ভোমোৰাগুৰিলৈ ব্রহ্মপুত্র নদীৰ ওপৰত এই দলংখন নির্মাণ কৰি থকা হৈছে৷ ৫৮৮.৯৫ কোটি টকা ব্যয় সাপেক্ষে দলংখন নির্মাণ কৰি থকা হৈছে আৰু ইতিমধ্যে ৯৬ শতাংশ কাম প্রায় সম্পূর্ণ হৈছে৷ কলিয়াবৰ তিনিআলিৰ পৰা চুলুং হৈ ডলাবাৰীলৈ ৩৭ (ক)নং ৰাষ্ট্রীয় পথৰ দৈর্ঘ্য হৈছে ১৩.০৯ কিলোমিটাৰ৷
অসমৰ মেগা চাৰিলেনযুক্ত ৰাষ্ট্রীয় ঘাইপথ নির্মাণ প্রকল্পৰ অধীনত নির্মিত এই দলংখন নির্মাণ কৰিছে মেছার্ছ গেমন ইণ্ডিয়া লিমিটেড আৰু মেছার্ছ এছ ছিংগলা কনষ্ট্রাকচন প্রাইভেট লিমিটেডে৷ চি পি ডব্লিউ ডিৰ নিৰীক্ষণত এই দলং নির্মাণৰ কাম চলি আছে৷ দুইলেনযুক্ত এই দলংখন মে’–জুন মাহত মুকলি হোৱাৰ সম্ভাৱনা আছে বুলি চি পি ডব্লিউ ডিৰ এক সূত্রই প্রকাশ কৰিছে৷