গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত ইন্সটিটিউট অৱ এডভান্স ষ্টাডি ইন চায়েন্স এন্ড টেকনলজী চমুকৈ আইএএছএছটিৰ উদ্যোগত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিভাগৰ অন্তৰ্গত স্বতন্ত্রীয় গৱেষণা প্রতিষ্ঠান আৰু সংগঠন সমূহৰ মুৰব্বী সকলৰ প্ৰথম সন্মিলনখন দুদিনীয়া কাৰ্যসূচীৰে ৯ আৰু ১০ মে’ত গুৱাহাটীৰ ৰেডিচন ব্লু আৰু IASST ত অনুষ্ঠিত হয়। ৯ মে’ৰ পূৱা ভিদিঅ কনফাৰেঞ্চিং ব্যৱস্থাৰে সন্মিলনখন উদ্ধোধন কৰে ভাৰত চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি আৰু ধৰিত্ৰী বিজ্ঞান বিভাগৰ স্বতন্ত্রীয় ৰাজ্যিক মন্ত্রী ড° জিতেন্দ্র সিঙে। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত ভাগ লৈ ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ সচিব ড° চন্দ্ৰশেখৰে সন্মিলনৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত চমুকৈ আলোকপাত কৰে। অনুষ্ঠানত IASSTৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীয়ে হিন্দী ভাষাত লিখা “বিষধৰ ভুজংগা কা কথা পৌৰাণিক মান্যতা মে বৈজ্ঞানিক দৃষ্টিকোণ টক” নামৰ গ্ৰন্থখন উন্মোচন কৰা হয়। আনহাতে দুদিনীয়া সন্মিলনত ড° মনোৰঞ্জন মহান্তী, বিশ্বজিৎ সাহাই, ড° আৰ কে যোশীৰ লগতে উক্ত বিভাগৰ অধীনস্থ ২৫ খন স্বতন্তৰীয় গৱেষণা প্রতিষ্ঠান আৰু সংগঠন সমূহৰ মুৰব্বীসকলৰ লগতে মুঠ ২৯ জন নিমন্ত্ৰিত প্ৰতিনিধি, গৱেষকে ভাগ লয়।
অনুষ্ঠানত উদ্দেশ্য বাখ্যা কৰি আইএএছএছটিৰ সঞ্চালক অধ্যাপক আশীস কুমাৰ মুখাৰ্জীয়ে কয় সন্মিলনৰ প্রধান উদ্দেশ্য হৈছে বিভিন্ন প্রতিষ্ঠান আৰু সংস্থাৰ মুৰব্বী সকলক একত্রিত কৰি অনুসন্ধান আৰু বিকাশৰ কাম-কাজৰ মাজত সংযোগ স্থাপন কৰাৰ লগতে ডি এছ টিৰ অধীনত সমাজৰ বাবে উন্নতিৰ প্ৰসাৰ কৰা লক্ষ্য। এই অনুষ্ঠানে অংশীদাৰ সকলৰ বাবে ভাৰতৰ বিজ্ঞান আৰু প্রযুক্তিৰ যথেষ্ট বিকাশ হোৱাত অৰিহণা যোগাব পৰা নতুন ধাৰণা, সহযোগিতা, গৱেষণা, সংযোগৰ দৰে গুৰুত্বপূর্ণ পদক্ষেপ সমূহৰ বিষয়ে আলোচনা আৰু অন্বেষণেৰ এক উৎকৃষ্ট সুযোগ প্রদান কৰিব বুলি আশা কৰা হৈছে। আনহাতে ১০ মে’ৰ দিনা আই এ এছ এছ টিৰ প্ৰেক্ষাগৃহত দিনযোৰাকৈ সন্মিলনখন অনুষ্ঠিত হয়। সন্মিলনত কেবাজনো গৱেষকে গবেষণা পত্ৰ পাঠ কৰে। বিয়লি অনুষ্ঠিত সামৰণি অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই IASSTৰ সঞ্চালক অধ্যাপক আশীষ কুমাৰ মুখাৰ্জীয়ে।