অৱশেষত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আৰ জে ডিৰ সভাপতি লালুপ্ৰসাদ যাদৱে জামিনত মুক্তি লাভ কৰে।
বিগত ৩ বছৰে কাৰাবাসত থকা লালুপ্ৰসাদে কালি জামিন লাভ কৰে।
২০১৭ চনৰ ডিচেম্বৰ মাহত কোটিটকীয়া সাৰ কেলেংকাৰী গোচৰৰ ভিত্তিত দোষী সাব্যস্ত কৰি গ্ৰেপ্তাৰ কৰিছিল লালুপ্ৰসাদ যাদৱক।
উল্লেখযোগ্য যে অসুস্থতাৰ বাবে লালুপ্ৰসাদ যাদৱ দিল্লীৰ এইমছ হাস্পতালত চিকিৎসাধীন হৈ আছিল।
শাৰীৰিক অসুস্থতাৰ বাবে জামিন লাভ কৰাৰ পিছতো পৰিয়ালৰ লোকে তেওঁক পাটনাত থকা বাসগৃহলৈ লৈ নোযোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি সম্পূৰ্ণ সুস্থ নোহোৱালৈকে লালুপ্ৰসাদ যাদৱ এইমছতে চিকিৎসাধীন হৈ থাকিব।
Photo Credit: Google