অসমত ইতিমধ্যে সমাপ্ত হৈছে চলিত বৰ্ষৰ অসম বিধানসভা নিৰ্বাচন।
এই বিধানসভা নিৰ্বাচনৰ ফলাফলত বিজেপি নেতৃত্বধীন মিত্ৰজোঁটে লাভ কৰে মুঠ ৭৪ খন আসন আৰু কংগ্ৰেছ নেতৃত্বধীন মহাজোঁটে ৫০ খন আসন লাভ কৰিবলৈ সক্ষম হয়।
নিৰ্বাচনৰ ফলাফলৰ পিছতে কংগ্ৰেছ নেতৃত্বধীন মহাজোঁটৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে জনাই যে,
অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ বাবে এইবাৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বধীন মহাজোঁটৰ ক্ষতি হৈছে।
আৰু এই আঞ্চলিক দলৰ পৰা বিজেপি মিত্ৰজোঁটৰ লাভ হৈছে বুলি জানিবলৈ দিছে কংগ্ৰেছ মহাজোঁটে।
এইবেলি অসম বিধানসভা নিৰ্বাচনত তীব্র প্ৰতিদ্বন্দ্বিতাৰ পিছত বিজেপি নেতৃত্বধীন মিত্ৰজোঁটৰ হাতত ধৰাশায়ী হোৱা কংগ্ৰেছ নেতৃত্বধীন মহাজোঁটে বিৰোধী পক্ষত বহিয়েই ৰাইজৰ হকে সেৱা আগবঢ়াই যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।
এইফালে কংগ্ৰেছ দলৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে জনাইছে যে বিৰোধী পক্ষত থাকিয়ে কংগ্ৰেছে নতুনকৈ গঠন হোৱা চৰকাৰখনৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব।
অসম আৰু অসমীয়াৰ স্বাৰ্থত সদায়ে সেৱা আগবঢ়াব কংগ্ৰেছ দলে।
কংগ্ৰেছ দলৰ নেতা ৰকিবুল হুছেইনে জনাইছে যে এইবাৰ বিধানসভাত কংগ্ৰেছে সকলো গঠনমূলক ভূমিকা পালন কৰিব।
লগতে সাংসদ গৌৰৱ গগৈয়ে জনাই যে কংগ্ৰেছৰ লগতে মহাজোঁটত থকা আন দলেও বিৰোধী পক্ষত থাকিলেও সদায় ৰাইজৰ সেৱা আগবঢ়াই যাব।
এইখিনিতে কিছু প্ৰশ্নৰ উদয় হৈছে অসম জাতীয় পৰিয়দ আৰু ৰাইজৰ দলৰ বাবে কংগ্ৰেছ নেতৃত্বধীন মহাজোঁটৰ ক্ষতি হৈছে নে AIUDF ৰ সৈতে কৰা মহাজোঁট বন্ধনৰ বাবে ক্ষতি হৈছে কংগ্ৰেছৰ দলৰ?
নিৰ্বাচনৰ ফলাফলৰ আগমুহূৰ্তলৈ অধিক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বুলি দম্ভালি মাৰি থকা কংগ্ৰেছ নেতৃত্বধীন মহাজোঁটে নিৰ্বাচনৰ ফলাফলত পৰাজয় বৰণ কৰাৰ পিছত কিয় আঞ্চলিক দলক পৰাজয়ৰ কাৰণ বুলি দোষী সাব্যস্ত কৰিছে?
আচলতে AIUDF ৰে মিত্ৰতা স্থাপন কৰাৰ পিছতে উজনি অসমৰ খিলঞ্জীয়া ভোটাৰ সকলে প্ৰত্যাখ্যান কৰিছিল কংগ্ৰেছ দলক।
এই মিত্ৰতাৰ বাবে নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছে প্ৰদান কৰা ৫টা গেৰাণ্টিক বিশ্বাসত নল’লে অসমবাসী ৰাইজে।
যাৰ ফলত পূৰ্বতে জয়লাভ কৰা শিৱসাগৰ,গোলাঘাট, সৰুপথাৰ আদিত নিজৰ আসন হেৰুৱাবলগীয়া হয় কংগ্ৰেছে।
সেইবাবেই কংগ্ৰেছ নেতৃত্বধীন মহাজোঁটে নিজৰ পৰাজয়ত দোষাৰোপ কৰিছে আঞ্চলিক দল কেইটাক।
আনহাতে এইবাৰ নিৰ্বাচনত কংগ্ৰেছ নেতৃত্বধীন মহাজোঁটে নামনি অসম আৰু বৰাক উপত্যকাতহে লাভৱান্বিত হোৱা পৰিলক্ষিত হ’ল।
এইবাৰৰ নিৰ্বাচনী ফলাফলে স্পষ্ট কৰিলে যে ৰাইজৰ আশা আকাংক্ষা আৰু বিশ্বাসক কংগ্ৰেছ নেতৃত্বধীন মহাজোঁটে স্পৰ্শ কৰিব নোৱাৰিলে।
সেয়েহে এইবাৰ নিৰ্বাচনৰ ফলাফলৰ পিছতে কংগ্ৰেছ নেতৃত্বধীন মহাজোঁটে প্ৰদান কৰা এই প্ৰতিশ্ৰুতিক বিশ্বাসত ল’ব পাৰিব নে অসমবাসী?
আগন্তুক দিনত সকলো দৃষ্টিগোচৰ হ’ব অসমবাসী ৰাইজৰ।
Photo Credtit : Google