আমি গুৱাহাটীবাসীয়ে এটি সুন্দৰ বছৰৰ আৰম্ভণি কৰিলোঁ। হয়, ইংৰাজী নৱবৰ্ষৰ শুভকামনা সকলোলৈ। দূৰ্ঘটনাবিহীন ভাৱে বছৰৰ প্ৰথম দিন দুটা পাৰ কৰিলোঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পৰিবহন বিভাগৰ আয়ুক্ত গৌতম দাস, মহানগৰ জিলাৰ উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ অশেষ প্ৰচেষ্টা আৰু আৰক্ষী বিভাগ তথা পৰিবহন বিভাগৰ সহযোগত যোৱা বছৰৰ অন্তিম দিন তথা নতুন বছৰৰ প্ৰথম দিনটোত ড্ৰিংক এণ্ড ড্ৰাইভৰ বিৰুদ্ধে সোচ্চাৰ হোৱাত আমি দূৰ্ঘটনাবিহীন নৱবৰ্ষৰ প্ৰথম পুৱা উপহাৰ পালো। কাৰণ, নৱবৰ্ষৰ প্ৰথম দিনটোতেই আমি বহু দূৰ্ঘটনাৰ খবৰ পাঁও। সুৰাপান কৰি গাড়ী চলোৱাৰ বাবেই বহুজনে প্ৰাণ হেৰুৱায়, জীৱনলৈ পংগু হয়। ৩১ ডিচেম্বৰ পালনৰ ক্ষেত্ৰত নিষেধাজ্ঞা, মটৰ চাইকেলৰ দুয়োজন আৰোহীৰ বাবে হেলমেট বাধ্যতামূলক কৰাৰ লগতে সুৰাপান কৰি বাহন নচলাবলৈ দিয়া নিৰ্দেশ সম্পূৰ্ণৰূপে কাৰ্যকৰী হ’ল মহানগৰত। আমাৰ Headline 8ৰ সাংবাদিকে ৩০ ডিচেম্বৰৰ নিশা আৰক্ষীৰ লগত পৰিবহণ মন্ত্ৰী পাটোৱাৰীয়ে নিজে তদাৰক কৰি থকা পৰিলক্ষিত কৰে। সেইদৰে ৩১ ডিচেম্বৰৰ নিশা গুৱাহাটীত মুখ্যমন্ত্ৰী শৰ্মা ডাঙৰীয়াই নিজেই মহানগৰৰ ৰাজপথত থাকি তদাৰক কৰিছিল আৰু সুৰাপান নকৰা লোকক তেওঁ ধন্যবাদ দিয়াও পৰিলক্ষিত হয়। সেয়ে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অভিনন্দন জনাইছো। মুখ্যমন্ত্ৰী তথা প্ৰশাসনৰ বেয়া কামত সমালোচনা কৰাৰ দৰে আমি তেওঁলোকৰ ভাল কামক প্ৰশংসা কৰা উচিত।