ক’ভিডৰ তৃতীয় ঢৌৱে ইতিমধ্যে শংকিত কৰিছে ৰাজ্যবাসীক। ইয়াৰ মাজতে সকলো প্ৰকাৰে সাজু হৈ উঠিছে ৰাজ্য চৰকাৰৰ লগতে স্বাস্থ্য বিভাগ। কাৰণ বিগত ২৪ ঘণ্টাত দেশত দ্ৰুতহাৰত বৃদ্ধি পাইছে ক’ভিডৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা।
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে যোৰহাটত ক’ভিডৰ তৃতীয় টৌ ক্ৰমাৎ বৃদ্ধি পাইছে। পূৰ্বে যোৰহাটত প্ৰতিদিনে দুই-তিনিজনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছিল যদিও যোৱা এসপ্তাহ জিলাখনত ক্ৰমান্বয়ে বৃদ্ধি হৈছে ক’ভিড আক্ৰান্তৰ সংখ্যা। বুধবাৰে জিলাখনত মুঠ ২৫জন আক্ৰান্ত হোৱাৰ বিপৰীতে বৃহস্পতিবাৰে আক্ৰান্তৰ সংখ্যা ৫৬জনলৈ বৃদ্ধি হয়।
আনহাতে, যোৰহাট নগৰৰ বাপুপতিৰ পাঞ্জাব নেশ্যনেল বেংকত বৃহস্পতিবাৰে ১৮জন ব্যক্তিৰ দেহত ক’ভিডৰ উপস্থিতি পোৱা গৈছে। স্বাস্থ্যপৰীক্ষাত বেংকটোৰ মুঠ ৫০জন বিষয়া-কৰ্মচাৰীৰ ভিতৰত ১৮জনৰ দেহত ক’ভিড১৯-ৰ অৱস্থিতি ধৰা পৰে। বেংকটো ইতিমধ্যে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে প্ৰশাসনে।