আন্তঃৰাষ্ট্ৰীয় অলিম্পিক দিৱস উপলক্ষে ২৩ জুনত অসম অলিম্পিক সন্থাই গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ত আয়োজন কৰা সদৌ অসম আন্তঃবিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতা আৰু আন্তঃমহাবিদ্যালয় ক্ৰীড়া কুইজ প্ৰতিযোগিতাৰ কাৰ্যসূচী পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব। কটন বিশ্ববি্দ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত পুৱা ৮ বজাৰ পৰা ইতিমধ্যে অসম অলিম্পিক সন্থালৈ প্ৰেৰণ কৰা তৰ্ক প্ৰতিযোগীসকলৰ নাম পঞ্জিয়ন কৰা হ’ব।
পুৱা ৯.১৫ বজাত অনুষ্ঠিত হ’বলগীয়া উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ন্যায়াধীশ মনজিৎ ভূঞা। তদুপৰি সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ভৱেশ চন্দ্ৰ গোস্বামী আৰু বক্সিং ফেডাৰেশ্বন অৱ ইণ্ডিয়াৰ সচিব হেমন্ত কুমাৰ কলিতা। পুৱা ৯.৪০ বজাৰ পৰা সদৌ অসম প্ৰাইজমানী আন্তঃবিশ্ববিদ্যালয় তৰ্ক প্ৰতিযোগিতা আৰম্ভ হ’ব। আনহাতে, পুৱা ১০ বজাৰ পৰা কটন বিশ্ববিদ্যালয়ৰ ছুডমাৰ্ছন হলত আন্তঃমহাবিদ্যালয় ক্ৰীড়া কুইজ প্ৰতিযোগিতাৰ বাবে অসম অলিম্পিক সন্থালৈ ইতিমধ্যে নাম প্ৰেৰণ কৰা প্ৰতিযোগী সকলৰ পঞ্জিয়ন প্ৰক্ৰিয়া আৰম্ভ হ’ব।পুৱা ১১.৩০ ৰ পৰা কটন বিশ্ববিদ্যালয়ৰ ছুডমাৰ্ছন হলত কুইজ প্ৰতিযোগিতাৰ প্ৰাৰম্ভিক ৰাউণ্ড আৰম্ভ হ’ব।
সেইদৰে, ১ বজাত কটন বিশ্ববি্দ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত সমাগত যুৱ অলিম্পিক ২০২২ ৰ লগো, থিম ছং আৰু টি ছাৰ্ট মুকলি কৰা হ’ব। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোনোৱাল। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘাল। কটন বিশ্ববি্দ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত দিনৰ ২ বজাৰ পৰা কুইজ প্ৰতিযোগিতাৰ ছেমি ফাইনেল ৰাউণ্ড আৰু ৩ বজাৰ ফাইনেল ৰাউণ্ড আৰম্ভ হ’ব। বিয়লি ৫ বজাত বঁটা বিতৰণী অনুষ্ঠান আৰম্ভ হ’ব। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ উচ্চ শিক্ষাৰ সঞ্চালক ধৰ্মকান্ত মিলি আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অইল ইণ্ডিয়াৰ আৱাসিক মুখ্য কাৰ্যবাহী প্ৰশান্ত বৰকটকী।