অসম চৰকাৰৰ পৰিবহন বিভাগৰ গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়াৰ ( পঞ্জীয়ন আৰু অনুজ্ঞা ) কাৰ্যালয়ে চলিত , ২০২২ – ২৩ বিত্তীয় বর্ষৰ প্ৰথম সাতটা মাহ অৰ্থাৎ পহিলা এপ্ৰিলৰ পৰা ৩১ অক্টোবৰলৈকে ৰাজ্যৰ ভিতৰতে অভিলেখ পৰিমাণৰ ২০১,৯৬,৫৮,৫৪০.০০ কৌটি টকাৰ ৰাজহ সংগ্ৰহ কৰি অসম চৰকাৰৰ ৰাজভৰাললৈ অৱদান আগবঢ়াবলৈ সক্ষম হৈছে। কামৰূপ মহানগৰ জিলাৰ (পঞ্জীয়ন আৰু অনুজ্ঞা) জিলা পৰিবহন বিষয়াৰ দায়িত্বত থকা সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে সদৰি কৰা অনুসৰি পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰৰ উপৰিও একেটা চৌহদতে থকা প্ৰৱৰ্তক শাখা আৰু আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীসহ তিনিওটা জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ সামূহিক প্ৰচেষ্টাত অভিলেখ পৰিমাণৰ ৰাজহ সংগ্ৰহিত হৈছে।
বিগত ২০২১ – ২২ বৰ্ষত একে সময়ছোৱাত সংগ্ৰহীত ৰাজহৰ পৰিমাণ আছিল প্ৰায় ১৪০.কৌটি টকা । অৰ্থাৎ বিগত বিত্তীয় বর্ষৰ সাত মাহতকৈ এইবেলি ৬১ কৌটি টকাতকৈ অধিক পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিব পৰা গৈছে। ইফালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পৰিবহণকে ধৰি ৰাজহ সংগ্ৰহকাৰী বিভাগ সমূহক সুৰুঙা নৰখাকৈ ৰাজহ সংগ্ৰহ কৰা কামত আত্মনিয়োগ কৰিবলৈ জনোৱা আহ্বানৰ আঁত ধৰি পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৰাজ্যৰ প্ৰতিখন জিলাৰ জিলা পৰিবহণ বিষয়াক ভি ডি অ কনফাৰেনসিং যোগে ৰাজহ সংগ্ৰহ ব্যৱস্থা বাহাল ৰাখিবলৈ নিৰ্দেশ দিছিল। পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই সময়ে সময়ে মহানগৰ জিলাৰ যান বাহন পৰিদৰ্শক, প্ৰৱৰ্তক সকলে কেবাটাও গোটত ভাগ ভাগকৈ বছৰ বছৰ ধৰি বিভাগক ৰাজহ আদায় নিদিয়াকৈ থকা বিভিন্ন বহুজাতিক কোম্পানী, ট্ৰেন্সপোৰ্ট এজেন্সি, বহু বিলাসী এপাৰ্টমেণ্ট আদিত গৈ বছৰ বছৰ যাবতীয় বা বকেয়া কৰ আদায় নিদিয়াকৈ থকা বাহন সমূহৰ গৰাকীক কৰ আদায় দিয়াৰ বাবে আহ্বান জনায় আহিছিল।
আনকি বছৰ বছৰ ধৰি কৰ আদায় নিদিয়াকৈ থকা বহু বাহনৰ গৰাকীক হাতে হাতে আৰু আন বহুতকৈ ডাকযোগে কৰ আদায় দিয়াৰ বাবে ডিমাণ্ড নটিছ প্ৰেৰণ কৰা হৈছিল। এনে ধৰণৰ সজাগতা অভিযানত কামৰূপ মহানগৰ জিলাৰ আন দুজন জিলা পৰিবহন বিষয়া ৰফিকুল ইছলাম আৰু হিমাংশু কুমাৰ দাসৰ লগতে যান বাহন পৰিদর্শক, প্ৰৱৰ্তক পৰিদর্শক, সহ পৰিদর্শক, প্ৰৱৰ্তক চেকাৰ আৰু আন কৰ্মচাৰী সকলেও ভাগ লৈছিল। একেদৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰহ আৰু পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ নিৰ্দেশনা অনুসৰি এখন দুৰ্ঘটনামুক্ত অসম গঢ়াৰ লক্ষৰে পথ সুৰক্ষা সজাগতা সৃষ্টিৰ বাবে মহানগৰীৰ জনসমাগম হোৱা স্থান সমূহত সকলোৰে দূৰৰ পৰা দৃষ্টিগোচৰ হোৱাকৈ ডাঙৰ হৰ্ডিং স্থাপন কৰা হৈছে। সম্প্ৰতি মুখ্যমন্ত্ৰীয়ে দুৰ্ঘটনামুক্ত অসম গঢ়াৰ বাবে যি আহ্বান জনাইছে সেই আহ্বান অনুসৰি দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস কৰাৰ লক্ষ্যৰে জিলা পথ সুৰক্ষা সমিতিয়ে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে সদৰি কৰিছে।