গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিধি বিদ্যা বিভাগে মহানগৰীৰ গড়চুক-পামহীস্থিত পাৰিজাত অকাডেমিত অলপতো এক সজাগতা শিবিৰৰ আয়োজন কৰে। অনুষ্ঠানটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে বিধি বিদ্যা বিভাগৰ মুৰব্বী অধ্যাপিকা তথা ডীন ডঃ স্তুতি ডেকাই। শিবিৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকি বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ প্ৰাক্তন সহকাৰী অধ্যাপক ডঃ দেৱব্ৰত মুখাৰ্জীয়ে দৈনন্দিন জীৱনত আইনৰ প্ৰয়োগৰ ওপৰত আলোকপাত কৰে।
তদুপৰি শিবিৰত বিভাগৰ সহকাৰী অধ্যাপক ডঃ দ্বীপঙ্কৰ দাসে প্ৰণাম আইন, সহকাৰী অধ্যাপিকা ডঃ পল্লৱী দেৱীয়ে পুৰুষ আৰু মহিলাৰ ওপৰত সংঘটিত বিভিন্ন নিৰ্যাতন, সহকাৰী অধ্যাপিকা ডঃ কৰৱী বৰ্মণে লোক আদালত, সহকাৰী অধ্যাপিকা প্ৰিয়ংকা মজুমদাৰে গ্ৰাহক সুৰক্ষা আইন, টিচিং এচ’চিয়েট বনশ্ৰী ৰয়ে গাৰ্হস্থ্য অত্যাচাৰৰ পৰা মহিলা সুৰক্ষা আইন আৰু গৌৰৱ গোস্বামীয়ে তথ্য জনাৰ অধিকাৰ আইনৰ ওপৰত আলোকপাত কৰে।
অনুষ্ঠানটোৰ অন্তত শালাগৰ শৰাই আগবঢ়াই বিধি বিদ্যা বিভাগৰ সহযোগী অধ্যাপিকা ডঃ অপৰাজিতা বৰুৱাই। শিবিৰত পামহী আৰু দাঁতি কাষৰীয়া অঞ্চলৰ যথেষ্ট সংখ্যক লোক উপস্থিত থকাৰ লগতে পাৰিজাত অকাডেমিৰ হৈ আইমণি টুমুঙে অংশগ্ৰহণ কৰে।