গুৱাহাটীৰ ৰূপনগৰস্থিত ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰত ৰাষ্ট্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ৰ উদ্যোগত অসম ৰাজ্যিক পৰিবহণ নিগমে আয়োজন কৰা ১২ দিনীয়া প্ৰশিক্ষণৰ সোমবাৰে আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে নিগমৰ পৰিচালন সঞ্চালক ৰাহুল দাসে। শুভাৰম্ভ কৰি পৰিচালন সঞ্চালক দাসে চালক সকলৰ বাবে এনেধৰণৰ প্ৰশিক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত বক্তব্য দাঙি ধৰে।
প্ৰশিক্ষণত মুঠ ২০০ গৰাকী চালকক চাৰিটা দলত প্ৰশিক্ষণ দিয়া হ’ব। প্ৰতিটো দলত ৫০ জনকৈ তিনি দিনৰ বাবে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। প্ৰত্যেক তিনি দিনৰ মূৰে-মূৰে পৰীক্ষা লোৱাৰ লগতে একোখনকৈ মানপত্ৰ প্ৰদান কৰা হ’ব। সোমবাৰৰ প্ৰশিক্ষণত গুৱাহাটী মহানগৰ সেৱা আৰু আই এছ বি টিৰ পৰা মুঠ পঞ্চাশ জনে প্ৰশিক্ষণ গ্ৰহণ কৰে। উদ্বোধনী অনুষ্ঠানত পৰিবহণ নিগমৰ মুখ্য অভিযন্তা বলীন দাস, প্ৰাক্তন মুখ্য অভিযন্তা অমলেন্দু ঘোষ , কাৰখানা প্ৰৱন্ধক জিতেন মেধি, উপ মহাপ্ৰৱন্ধক বিজু ডেকা, মহানগৰ সেৱাৰ সংমণ্ডল অভিযন্তা ৰমেশ চৌধুৰী, জ্যেষ্ঠ অভিযন্তা ঘনকান্ত দাস, পঙ্কজ দাস, ত্ৰিশাংকু শইকীয়া, মহানগৰ সেৱাৰ সংমণ্ডল অধীক্ষক মনিষী নাহৰ ডেকা, পি চি আৰ এ আৰু ভাৰত বেঞ্জৰ প্ৰশিক্ষককে ধৰি কেইবাগৰাকী অভিযন্তা, বিষয়া উপস্থিত থাকে।