শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদত থকা শ্ৰী শ্ৰীমাধবদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত ২৬ ডিচেম্বৰৰ সন্ধিয়া অসম চৰকাৰৰ লোকনির্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা, কবি জ্যোতিষ কুমাৰ শৰ্মাৰ কবিতা পুঁথি “তোমাৰ অবৰ্তমানত“ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয় ৷
জ্ঞানপীঠ বঁটা বিজয়ী কবি নীলমণি ফুকন আৰু বিশিষ্ট সঙ্গীতজ্ঞ ড: বীৰেন্দ্ৰ নাথ দত্তই তেওঁলোকৰ নিজ নিজ বাসগৃহত ইতিমধ্যে অনানুষ্ঠানিকভাবে উন্মোচন কৰা কবিতা পুঁথিখনৰ উন্মোচনী অনুষ্ঠানত ‘অগ্ৰণী উচ্চাৰণ অভিধান“ প্ৰণেতা সুমন্ত চলিহা, বিশিষ্ট লোকশিল্পী লোকনাথ গোস্বামী, মনিষা হাজৰিকা, মঞ্জুলা হাজৰিকা, সুভাস দাস প্ৰমুখ্যে কেবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। অসম সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ পণ্ডিত, বিদ্যুৎ মিশ্ৰ আৰু প্ৰতীতি শৰ্মাই ভায়’লিন পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। আৰম্ভণিতে জ্যোতিষ কুমাৰ শৰ্মাই কবিতা পুথিখন সন্দৰ্ভত নিজৰ অনুভৱ – অভিজ্ঞতা ব্যক্ত কৰে।