প্লাষ্টিক ক্ষেত্ৰৰ উৎকৃষ্টতাৰ প্ৰসাৰৰ বাবে নিয়োজিত আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত সংস্থা প্লাষ্টিণ্ডিয়া ফাউণ্ডেচনে আন্তঃৰাষ্ট্ৰীয় প্লাষ্টিক প্ৰদৰ্শনী, সন্মিলন, আৰু অধিৱেশন – “PLASTINDIA 2023” ৰ একাদশ সংখ্যক সংস্কৰণৰ আয়োজন কৰিবলৈ সাজু হৈছে। নতুন দিল্লীৰ প্ৰগতি ময়দানত পহিলা ফেব্ৰুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ পাঁচদিনীয়াকৈ অনুষ্ঠিত হবলগীয়া এছিয়াৰ সৰ্ববৃহৎ প্লাষ্টিক প্ৰদৰ্শনীত সমগ্ৰ বিশ্বৰ ১৮০০ৰো অধিক প্ৰদৰ্শকক একত্ৰিত কৰা হ’ব। ভাৰতৰ বাহিৰেও জাৰ্মানী, অষ্ট্ৰিয়া, জাপান আৰু ছিংগাপুৰ আদি কেইখনমান গুৰুত্বপূৰ্ণ অংশগ্ৰহণকাৰী দেশে ইয়াত ভাগ লব।
উল্লেখযোগ্য যে “PLASTINDIA 2023” য়ে উদ্ভাৱন, বহনক্ষমতা, আৰু বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব, আধুনিক কৌশলৰ সুবিধা প্ৰদান কৰিব যিয়ে ভাৰতত প্লাষ্টিক উদ্যোগৰ বিকাশ বজাই ৰখাত সহায় কৰিব আৰু ভাৰতক বিশ্বজুৰি প্লাষ্টিকৰ বাবে পছন্দৰ উৎসৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ দিশত কাম কৰিব। প্ৰদর্শনীত প্ৰদৰ্শকসকলৰ বাবে প্ৰচেছিং, মেচিনেৰী, মল্ড, এণ্ড ডাই, সহায়ক সঁজুলি, প্ৰিন্টিং আৰু পেকেজিং, কেঁচামাল, আৰু বহুতো ক্ষেত্ৰত তেওঁলোকৰ নতুন উদ্ভাৱন প্ৰদৰ্শন কৰাৰ এক উৎকৃষ্ট সুযোগ প্ৰদান কৰিব। এই সন্দৰ্ভত প্লাষ্টিণ্ডিয়া ফাউণ্ডেশ্যনৰ সভাপতি জিগিশ দোষীয়ে কয়, ”আমি PLASTINDIA 2023 উপস্থাপন কৰি আনন্দিত হৈছো। কভিডৰ পাছত সমগ্ৰ বিশ্বৰ প্লাষ্টিক উদ্যোগৰ প্ৰফেচনেলসকলে প্লাষ্টিক আৰু পলিমাৰ উদ্যোগৰ বাবে ভৱিষ্যতৰ দৃষ্টিভংগী আৰু সমাধানৰ পুনৰ উপস্থাপন কৰাৰ সুযোগ পাব। এই মেগা প্ৰদৰ্শনীখনে বৰ্তমানলৈকে আটাইতকৈ ডাঙৰ প্ৰদৰ্শনী হ’ব আৰু ইয়াৰ দ্বাৰা বিশ্বব্যাপী প্লাষ্টিক জগতৰ অন্যতম বৃহৎ বিশুদ্ধ প্লাষ্টিক প্ৰদৰ্শনী হিচাপে নিজৰ স্থান সুদৃঢ় কৰাৰ আশা কৰা হৈছে।