ভাৰতবৰ্ষত তুলসীক হিন্দু ধৰ্মাৱলম্বী লোকসকলে অতি পবিত্ৰ গছ বুলি পূজা কৰে ৷
আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি তুলসী হ’ল বীজাণু নাশক, দুঃচিন্তা-অৱসাদ নাশক,বহুমূত্ৰ ৰোগ প্ৰতিৰোধক, মুখ আৰু ডিঙিৰ কেঞ্চাৰ প্ৰতিৰোধক আৰু যকৃতৰ ৰোগ প্ৰতিৰোধক ৷
তুলসীৰ আছে আৰু বহু উপকাৰিতা যিয়ে আমাক সু-স্বাস্থ্যৰ অধিকাৰী কৰি ৰখাত সহায় কৰে ৷
তুলসীৰ অনান্য উপকাৰিতাসমূহ হ’ল-
# সকলো প্ৰকাৰৰ ইনফ্লুয়েঞ্জা, ব্ৰংকাইটিছ ৰোগৰ উপশম ঘটোৱাত সহায় কৰে তুলসীয়ে ৷
# মুখৰ ঘা, দুৰ্গন্ধ, ওঁঠৰ ভিতৰফালে হোৱা সৰু সৰু ফোঁহা, জিভাৰ ঘা আদি সঘনাই হৈ থাকিলে তুলসী ব্যৱহাৰ কৰি উপশম পাব পাৰি ৷
# শিশুৰ পনীয়া শৌচৰ লগতে জ্বৰ হ’লে, মুখত ঘা হ’লে, শৌচ দুৰ্গন্ধযুক্ত হ’লে তুলসীৰ ৰস সেৱন কৰি সুফল পাব পাৰি ৷
# প্ৰসাৱ কৰাৰ সময়ত জ্বলন হ’লে, ঘনাই প্ৰসাৱ লাগিলে তুলসী নিয়মীয়াকৈ সেৱন কৰি উপকাৰ পাব পাৰি ৷
# সন্তান প্ৰসৱৰ সময়ত অত্যাধিক ৰক্তস্ৰাৱ হ’লে তুলসী খাবলৈ দিলে সোনকালে সুফল পোৱা যায় ৷
photo: google