বজালী জিলাত পহুমাৰা আৰু কালদিয়া নৈয়ে সৃষ্টি কৰা প্ৰলয়ংকাৰী বানৰ পিছত বিধস্ত হৈ পৰা বজালীৰ তিনিটা স্থানত আজি ৰাজ্যৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ বানবিধস্ত অঞ্চলৰ বুজ লোৱাৰ উপৰিও স্থানীয় বানাক্ৰান্ত লোক সকলৰ অভাব-অভিযোগৰো বুজ লয়। মুখ্যমন্ত্রী ডঃ শৰ্মাই আজি প্ৰথমে কালদিয়া নৈয়ে তীব্র গৰাখহনীয়াৰে ভাবুকিৰ সৃষ্টি কৰা পাটাছাৰকুছি অঞ্চলী পথৰ কুৱাৰাত উপস্থিত হৈ পথটোৰ গৰাখহনীয়া সন্দৰ্ভত বুজ লৈ এই ক্ষেত্রত তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় বিষয়া সকলক নিৰ্দেশ দিয়ে। ইয়াৰ পিছত কুৱাৰাৰ স্থানীয় লোক সকলৰ সমস্যাৰো বুজ লয় মুখ্যমন্ত্রীগৰাকীয়ে। লগতে মুখ্যমন্ত্রী গৰাকী উপস্থিত হয় বজালীৰ মেধিকুচিত। মেধিকুচিৰ বানবিধস্ত অঞ্চলত কালিৰে পৰা পহুমাৰা নৈৰ ভগ্ন মথাউৰিৰে পানী ওলাই পুনৰ বানপানীৰ সূচনা কৰিছে।
My visit to flood-affected areas of Charalpara Nayapara at Bhabanipur, Bajali. pic.twitter.com/Gvrgvgf8gm
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) June 28, 2022
ইয়াৰ লগতে মেধিকুচিৰ পহুমাৰা নৈৰ ভগ্ন মথাউৰি পৰিদৰ্শন কৰে মুখ্যমন্ত্রী গৰাকীয়ে। মুখ্যমন্ত্রী গৰাকীয়ে জুলাই আগষ্ট মাহ পাৰ হবলৈ এতিয়াও যিহেতু বহু দিন বাকী আছে সেয়েহে এই দিন কেইটাত পৰিবেশটো যথেষ্ট সংকটজনক বুলিয়ে ক’ব লাগিব বুলি মন্তব্য কৰি পহুমাৰা মথাউৰি শক্তিশালী ৰূপত নিৰ্মাণ কৰি মথাউৰিৰ ওপৰত পথ বনাবলৈ ৯ কোটি টকা ইতিমধ্যে অনুমোদন দিয়া হৈছে বুলি উল্লেখ কৰে আৰু বানপানীৰ পিছত এই মথাউৰি নিৰ্মাণ কৰা হব বুলি কয়।
ৰাজ্যৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগত আজি বজালীৰ বানবিধস্ত তিনিওটা স্হানতে পাটাছাৰকুছি সমষ্টিৰ বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্রী ৰঞ্জিত দাস আৰু ভৱানীপুৰ সমষ্টিৰ বিধায়ক ফনী তালুকদাৰ উপস্থিত থাকে।