• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

পদোন্নতি আৰু নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দাবী বন কৰ্মচাৰী সন্থাৰ

নিউজ ডেস্ক by নিউজ ডেস্ক
January 13, 2023
in সংবাদ, অসম
1 min read
0
পদোন্নতি আৰু নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ দাবী বন কৰ্মচাৰী সন্থাৰ
Share on FacebookShare on Twitter

অসম চৰকাৰৰ বন বিভাগৰ কৰ্মৰত অৰাজপত্ৰিত কৰ্মচাৰী সকলৰ একমাত্ৰ আৰু উমৈহতীয়া সংগঠন “অসম বন কৰ্মচাৰী সন্থা”ৰ সদ্যসমাপ্ত জালুকবাৰী অধিবেশনত নিৰ্বাচিত হোৱা নতুন ৭১ জনীয়া কাৰ্যনিৰ্বাহক সমিতিখনে অলপতে অসম ৰাজ্যিক চিৰিয়াখানা চৌহদৰ হাৰ্বেৰিয়াম হলত আয়োজিত এক অনুষ্ঠানত কাৰ্যভাৰ গ্ৰহণ কৰে। এই উপলক্ষে সন্থাৰ বিদায়ী সমিতিৰ সভাপতি ৰাজেন্দ্ৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে বিদায়ী সাধাৰণ সম্পাদক পুলিন মহন্তই। অনুষ্ঠানত বিদায়ী সভাপতি আৰু সাধাৰণ সম্পাদকে সন্থাৰ নৱনিৰ্বাচিত সভাপতি হোমেন পেগু আৰু সাধাৰণ সম্পাদক ৰাহুল বৰাক আগন্তক কাৰ্যকালৰ বাবে দায়িত্বভাৰ অৰ্পণ কৰে। অনুষ্ঠানত নৱনিৰ্বাচিত কাৰ্যকৰী সমিতিৰ উপ সভাপতি ছাঁয়ামণি দাস, গোপী ছেত্ৰী, জয় কুমাৰ দেউৰী, সহকাৰী সাধাৰণ সম্পাদক পাহাৰী হাজৰিকা , জয়ন্ত কলিতা আৰু ৰূপম বৰুৱাকে ধৰি ভালেকেইজন কৰ্মকর্তা উপস্থিত থাকে।

কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত সন্থাৰ নৱনিৰ্বাচিত সভাপতি হোমেন পেগুৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয়। তাৰ ভিতৰত ২০১৮ চনৰ পৰা বন্ধ হৈ থকা উপ বন সৎপালক তথা ডেপুটী ৰেঞ্জাৰৰ পদোন্নতি শীঘ্ৰে আৰম্ভ কৰা, বন বিভাগত পদ সমূহৰ পুনৰ গঠন প্ৰক্ৰিয়া আৰম্ভ কৰি বিভাগটোক গতিশীল কৰাৰ বাবে বন বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষক দাবী জনোৱা হয় । সন্থাৰ সভাপতি হোমেন পেগুৱে সদৰি কৰা অনুসৰি ডেপুটী ৰেঞ্জাৰ সকলক ৰেঞ্জাৰ পদলৈ পদোন্নতি নিদিয়া বাবে বহু বনপালক ডেপুটী ৰেঞ্জাৰ নোহোৱাকৈয়ে অৱসৰ গ্ৰহণ কৰিব লগা হৈছে। তেনেদৰে ডেপুটী ৰেঞ্জাৰৰ পদোন্নতি বন্ধ হৈ থকা বাবে বহু বনপালক ডেপুটী ৰেঞ্জাৰ আৰু বহু বনৰক্ষীয়ে দক্ষতা, যোগ্যতা আৰু অভিজ্ঞতা থকা স্বত্বেও প্ৰাপ্য পদোন্নতিৰ পৰা বঞ্চিত হব লগা হৈছে। আনকি পদোন্নতি অবিহনে ৰাজ্যৰ বন বিভাগত শতাধিক বনৰক্ষী, বনপালক আৰু ডেপুটী ৰেঞ্জাৰে অৱসৰ গ্ৰহণ কৰিব লগা হৈছে । যাৰ বাবে সন্থাই শীঘ্ৰে পদোন্নতি আৰু পুনৰ গঠন প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক আৰু বন বাহিনীৰ মুৰব্বী গৰাকীক আহ্বান জনাইছে বুলি সভাপতি হোমেন পেগুৱে জানিবলৈ দিছে।

Previous Post

বৰঝাৰ বিমানবন্দৰত ই-ভি চাৰ্জিং পইন্ট উদ্ধোধন

Next Post

উত্তৰ-পূব মাণ্ডলীক যুৱ মহোৎসৱত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সফলতা

Related Posts

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ
ৰাজনীতি

গণৰাজ্য দিৱস উপলক্ষে ১৩ টা ভাষাত শুনানি উচ্চতম ন্যায়ালয়ৰ

January 26, 2023
আজি গণৰাজ্য দিৱস
অসম

আজি গণৰাজ্য দিৱস

January 26, 2023
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা
সংবাদ

আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা

January 26, 2023
চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা
ৰাজনীতি

চেণ্ট্ৰেল ব্যুৰ’ অব্ কমিউনিকেচন, মণিপুৰে লাভ কৰিলে নিৰ্বাচন আয়োগৰ ৰাষ্ট্ৰীয় বঁটা

January 26, 2023
গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক
ৰাজনীতি

গণৰাজ্য দিৱসত অসমৰ ১৫ গৰাকী বিষয়া–জোৱানলৈ ৰাষ্ট্ৰপতিৰ পদক

January 25, 2023
লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক
ৰাজনীতি

লাডাখৰ মাইনাছ ৪০ ডিগ্ৰী চেলছিয়াছত অনশনত বহিব সোণম ৱাংচুক

January 25, 2023
Next Post
উত্তৰ-পূব মাণ্ডলীক যুৱ মহোৎসৱত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সফলতা

উত্তৰ-পূব মাণ্ডলীক যুৱ মহোৎসৱত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সফলতা

দীপৰ বিলৰ পাৰৰ সৰিয়হৰ হালধীয়া দলিচাই আকৰ্ষণ কৰিছে সকলোকে

দীপৰ বিলৰ পাৰৰ সৰিয়হৰ হালধীয়া দলিচাই আকৰ্ষণ কৰিছে সকলোকে

গড়ল গাওঁ পঞ্চায়তৰ অধীনত কেবাটাও আধাৰশিলা স্থাপন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

গড়ল গাওঁ পঞ্চায়তৰ অধীনত কেবাটাও আধাৰশিলা স্থাপন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8