১ অসম চুক্তিৰ ৬নং দফাৰ ভিত্তিত নিৰূপণ কৰা হ’ব অসমীয়াৰ সংজ্ঞা!
আজি অসম বিধানসভাত পুনৰ অসমীয়াৰ সংজ্ঞা প্ৰসংগত আলোচনা হোৱা দেখিবলৈ পোৱা গ’ল। অসমীয়াৰ সংজ্ঞাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে এক গুৰুত্বপূৰ্ণ মন্তব্য। অসম চুক্তিৰ ৬নং দফাৰ ভিত্তিত অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰা হ’ব বুলি স্পষ্টকৈ জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।
২ কেবিনেটৰ সিদ্ধান্তঃ তিনিটাকৈ চিলিণ্ডাৰ বিনামূলীয়া!
মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতেই নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ বাবে তৎপৰ হোৱা দেখা গ’ল প্ৰমোদ সাৱন্তক। গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তে প্ৰথমখন কেবিনেট বৈঠকত গোৱাৰ লোকসকলক বিনামূলীয়াকৈ তিনিটা চিলিণ্ডাৰ দিয়াৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছে।
৩ বিশ্বাসঘাটকতা কৰিলে মুকলিকৈ জবাব দিব লাগিব: অখিল
ৰাজ্যসভা নিৰ্বাচনক লৈ কংগ্ৰেছ আৰু এআইইউডিএফৰ মাজত সংঘাত অব্যাহত থকাৰ মাজতেই ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে সতৰ্ক কৰি দিছে যে, যি কোনো মূল্যৰ বিনিময়ত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থীগৰাকীক জয়ী কৰি পঠিয়াব লাগে।
৪ টোল কৰ বৃদ্ধি; প্ৰতিবাদৰ হুংকাৰ বহু দল সংগঠনৰ
পেট্ৰ’ল-ডিজেলৰ লগতে আন আন অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ পাছত, পুনৰ জনতাৰ মুৰত মাধমাৰ সোধাব ওলাইছে চৰকাৰে। ১ এপ্ৰিলৰ পৰা কাৰ্যকাৰী হোৱাকৈ ৰাজ্যৰ টোলগেটত টোলকৰ বৃদ্ধিৰ সিদ্ধান্ত লৈছে ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰনে৷
৫ গুৱাহাটীত চেঞ্চুৰী কোবালে পেট্ৰ’লৰ মূল্যই
ধাৰাবাহিকভাৱে বৃদ্ধি হৈ আছে পেট্ৰ’ল–ডিজেলৰ দাম। বুধবাৰেও পেট্ৰ’লৰ দাম ৮০–৮৫ পইচা প্ৰতিলিটাৰত আৰু ডিজেল ৭০–৭৫ পইচা প্ৰতি লিটাৰত বৃদ্ধি পাইছে। চৰকাৰী তেল কোম্পানীসমূহে আজি দেশৰ চাৰিখন মহানগৰসহ মুখ্য চহৰসমূহত পেট্ৰ’ল–ডিজেলৰ দাম বৃদ্ধি কৰিছে।