গ্ৰীষ্মকালত আমি শৰীৰ আৰু ছালৰ সুস্থতাৰ বাবে যথেষ্ট নিয়ম অৱলম্বন কৰিবলগা হয়। কাৰণ গৰমৰ প্ৰকোপ বাঢ়ি অহাৰ ফলত সকলোৰে বাবে বিশেষকৈ ঘৰৰ পৰা ওলাই অহা লোকসকলৰ বাবে যথেষ্ট কষ্টকৰ হয়। শৰীৰৰ দূৰ্বলতা তথা ছালৰ ৰং কলা পৰাৰ লগতে প্ৰখৰ ৰ’দত শৰীৰৰ পৰা ঘাম বাহিৰ হৈ দূৰ্গন্ধ ওলায়। সেয়েহে গৰমত মানুহ অসুস্থ হোৱাটো স্বাভাৱিক। অৱশ্যে, কেইটামান উপায় অৱলম্বন কৰি গৰমৰ পৰা কিছু পৰিত্ৰাণ পাব পাৰি।
গৰমৰ দিনত মানুহে ঘৰৰ পৰা বাহিৰলৈ ওলাই গ’লে মুখ আৰু চুলিক সূৰ্যৰ পোহৰৰ পৰা সুৰক্ষিত কৰি ৰাখিব লাগে, কিয়নো যেতিয়া সূৰ্য মুখ আৰু মূৰত পৰে, তেতিয়া মানুহ এজনৰ বহুতো সমস্যা হয়। ইয়াৰ ফলত মুখখন ক’লা পৰিব পাৰে আৰু ৰঙা দাগ পৰিব পাৰে। আনহাতে, মূৰত সূৰ্যৰ পোহৰ পৰাৰ ফলত, ডিহাইড্ৰেচনৰ সমস্যা বাঢ়িব পাৰে।
ইয়াৰ বাহিৰেও, গ্ৰীষ্মকালত মানুহৰ শৰীৰত পানীৰ অভাৱ হ’বলৈ ধৰে। ইয়াৰ বাবে যথেষ্ট পৰিমাণৰ পানী খাই থাকিব লাগে, যাতে শৰীৰত পানীৰ অভাৱ নহয়।
গ্ৰীষ্মকালত সদায় কপাহী কাপোৰ পিন্ধিব লাগে, কিয়নো পলিষ্টাৰ বা আন সূঁতাৰে তৈয়াৰ কৰা কাপোৰে ঘাম শুহি লোৱাত কপাহী কাপোৰৰ সমপক্ষ নহয়। পাতল ৰং আৰু কপাহী কাপোৰে শৰীৰ শীতল কৰি ৰখাত সহায় কৰে।
ঘৰৰ পৰা ওলাই যাওঁতে চানস্ক্ৰীণ লোচন প্ৰয়োগ কৰাৰ লগতে ছাতি ব্যৱহাৰ কৰিব লাগে, যাতে শৰীৰৰ ছালখন সূৰ্যৰ তীব্ৰ পোহৰৰ পৰা সুৰক্ষিত হৈ থাকে।
চানগ্লাছ ব্যৱহাৰ কৰিও আমি আমাৰ চকুজুৰিক সূৰ্যৰ প্ৰখৰ ৰদৰ পৰা ৰক্ষা কৰি শীতলতা অনুভৱ কৰাব পাৰো।
গৰমৰ দিনত অধিক ফলৰ ৰস খাব লাগে। ফলৰ ৰসে মানুহক পুষ্টি প্ৰদান কৰাৰ লগতে শৰীৰক সতেজ অনুভৱ কৰায়। সেয়েহে, গ্ৰীষ্মকালত ফলৰ ৰস খালে অধিক লাভান্বিত হ’ব পাৰে, কিয়নো কিছুমান ফল ঠাণ্ড, যি মানুহৰ শৰীৰ শীতল কৰি ৰাখে।